কাৰ্বি আংলঙত এক কোটি মূল্যৰ হেৰ’ইন জব্দ, এজনক আটক

417

অসমক ড্ৰাগছমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ অবিৰত প্ৰচেষ্টাত অসম আৰক্ষীয়ে শুকুৰবাৰে নিশা কাৰ্বি আংলং জিলাৰ খটখটি থানাৰ অন্তৰ্গত মাটিপুল ৰেলৱে ক্ৰছিঙৰ সমীপত ৰেলপথৰ মাজেৰে খোজ কাঢ়ি যোৱা এজন ব্যক্তিৰ পৰা ১ কোটি টকাৰ ৬৮৫ গ্ৰাম হেৰ’ইন জব্দ কৰে।

“নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আমাৰ দলটোৱে ৰে’লপথৰ মাজেৰে খোজ কাঢ়ি যোৱা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। তালাচীৰ সময়ত ৫৫টা চাবোনৰ বাকচ উদ্ধাৰ কৰা হয়। চাবোনৰ বাকচবোৰত ৬৮৫ গ্ৰাম হেৰ’ইন আছিল।’- বোকাজানৰ এছডিপিঅ’ জন দাসে এইদৰে কয়।

মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ কোৱাকটা গাঁৱৰ আব্দুল জয়নালৰ পুত্ৰ নৱাজ খান (২১) বুলি জানিব পৰা গৈছে।

কাৰ্বি আংলঙৰ খাটখাটি আৰু দিল্লাইৰ আন্তঃৰাজ্যিক চেকপইণ্টত নাগালেণ্ডৰ পৰা অসমলৈ ড্ৰাগছ আৰু অন্যান্য চোৰাং সামগ্ৰীৰ সৰবৰাহ নিৰীক্ষণৰ বাবে সতৰ্কতা তীব্ৰতৰ কৰি তোলাৰ ফলত সৰবৰাহকাৰীসকলে ৰাজ্যৰ মাজেৰে ড্ৰাগছ সৰবৰাহ কৰিবলৈ নতুন কৌশল অৱলম্বন কৰিবলৈ বাধ্য হৈছে।

‘নাগালেণ্ডৰ পৰা লুকাই চুৰকৈ অসমত প্ৰৱেশ কৰাৰ পিছত তেওঁ ৰে’লপথৰ মাজেৰে খোজ কাঢ়ি গৈ বোকাজান অঞ্চলত চালানখিনি ডেলিভাৰী কৰে।’- দাসে কয়।