কাৰাবন্দী অৱস্থাত মৃত্যুক সাৱটা ষ্টেন স্বামীক ‘অসাধাৰণ’ আখ্যা দি এনআইএৰ ৰোষত ন্যায়াধীশ

87

ডিজিটেল ডেস্কঃ শাৰিৰীক অসুস্থতাৰ বাবে জামিন বিচাৰি আবেদন কৰাৰ পিছতো জামিন লাভ কৰাৰ পূৰ্বেই যোৱা ৫ জুলাইত কাৰাবন্দী অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিছিল ভীমা কোৰেগাঁও কাণ্ডৰ অভিযুক্ত তথা সমাজকৰ্মী ফাদাৰ ষ্টেন স্বামী। ইফালে যোৱা সোমবাৰে ষ্টেন স্বামীৰ জামিন আবেদনৰ মৰোণত্তৰ শুনানি গ্ৰহণ কৰা হৈছিল। এই শুনানিকালতে ষ্টেন স্বামীক ‘অসাধাৰণ’ আখ্যা দিছিল বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ এছ সিন্দে নেতৃত্বাধীন বিচাৰপীঠে।

কিন্তু ন্যায়াধীশ এছ এছ সিন্দেয়ে ষ্টেন স্বামীক সন্মান জনাই ‘অসাধাৰণ’ বুলি কৰা মন্তব্যত এনআইএয়ে তীব্ৰ আপত্তি জনোৱাৰ পিছতে নিজৰ মন্তব্য উভতাই লয় ন্যায়াধীশ গৰাকীয়ে।

দেওবাৰে নিজৰ মন্তব্য উভতাই লৈ এয়া তেওঁ ব্যক্তিগতভাৱে কৈছিল বুলি প্ৰকাশ কৰে। তেওঁ কয়, ‘আমিওতো মানুহ। সেয়ে এনেধৰণৰ কথা আমাৰ মুখেৰেও ওলাব পাৰে। তথাপিও যদি আমাৰ ব্যক্তিগত মন্তব্যই কাৰোবাক আঘাত কৰিছে, তেন্তে আমি আমাৰ মন্তব্য উভতাই লৈছো। কিন্তু এটা কথা মনত ৰখা উচিত, ইউপিএ ধাৰাত অভিযুক্তৰ সম্পৰ্কে ন্যায়াধীশ হিচাপে আমি কোনো মন্তব্য কৰা নাই।’

উল্লেখ্য যে, যোৱা সোমবাৰে অনুষ্ঠিত শুনানিকালত ন্যায়াধীশ এছ এছ সিন্দেয়ে কৈছিল, ‘সাধাৰণভাৱে আমাৰ হাতত সময় যথেষ্ট কম থাকে। কিন্তু ষ্টেন স্বামীৰ শেষকৃত্য আমি চাইছিলো। অত্যন্ত মহিমামণ্ডিতভাৱে সেয়া সম্পন্ন কৰা হৈছিল। এগৰাকী অসাধাৰণ ব্যক্তি আছিল ষ্টেন স্বামী। তেওঁ সমাজৰ কৰা কাম-কাজে আমাৰ মনত এক গভীৰ চাপ পেলাইছিল। অৱশ্যেই আইনীভাৱে তেওঁৰ অপৰত কি অভিযোগ আছে, সেয়া এক অন্য বিষয়।’

ইফালে ন্যায়াধীশগৰাকীৰ এনে মন্তব্যৰ পিছতে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে এনআইএয়ে। ন্যায়াধীশৰ এনে ধৰণৰ মন্তব্যই তদন্তকাৰী এনআইএ বিষয়াৰ মনত বিৰূপ প্ৰভাৱ পেলাব বুলি অভিযোগ উত্থাপন কৰে এনআইএৰ এডিশ্যনেল চলিছিটৰ জেনেৰেল অনিল সিঙে। তাৰ পিছতে নিজৰ মন্তব্য উভতাই লবলৈ বাধ্য হয় ন্যায়াধীশ এছ এছ সিন্দেয়ে।