কাৰাগাৰৰ ভিতৰত কি খাইছে, কেনেকৈ আছে ৰিয়া চক্ৰৱৰ্তী…

71

ডিজিটেল ডেস্কঃ কাৰাগাৰৰ এন্ধাৰ কুঠৰীত এতিয়া বলীউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী৷ ৰিয়াৰ প্ৰাক্তন প্ৰেমিক অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছিল ড্ৰাগছ কাণ্ড৷ ৰিয়াৰ এক হোৱাটছএপ ছাটৰ আঁত ধৰি চলোৱা তদন্তৰ অন্তত ৮ ছেপ্তেম্বৰত নাৰ্কটিক কণ্ট্ৰ’ল ব্যুৰ’ই গ্ৰেপ্তাৰ কৰিছিল অভিনেত্ৰীগৰাকীক৷ তাৰ পিছতে এতিয়া মুম্বাইৰ বাইকুল্লা কাৰাগাৰত শ্বিনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীৰ সৈতে একেলগে কাৰাবাসৰ জীৱন পাৰ কৰিছে ৰিয়া চক্ৰৱৰ্তীয়ে৷

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ আৰম্ভ হোৱা ৰহস্যৰ মাজতে এই গোচৰৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰিছিল উচ্চতম ন্যায়ালয়ে৷ আনহাতে অভিনেতাজনৰ পৰা ধন সৰকোৱাৰ অভিযোগত ৰিয়াৰ বিৰুদ্ধে ইডিয়েও আৰম্ভ কৰিছিল তদন্ত৷ ইফালে নাৰ্ক’টিক কণ্ট্ৰ’ল ব্যুৰ’ই গ্ৰেপ্তাৰ কৰাৰ পিছত কাৰাগাৰত ১৪ দিন পাৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে৷ ৰিয়াৰ অধিবক্তাই জামিন বিচাৰি বিশেষ আদালত এনডিপিএছত আবেদন দাখিল কৰিলেও ইতিমধ্যে খাৰিজ কৰা হৈছে সেই আবেদন৷ যাৰ ফলত অহা ৬ অক্টোবৰ পৰ্যন্ত কাৰাগাৰৰ ভিতৰতে পাৰ কৰিব লাগিব ৰিয়া চক্ৰৱৰ্তীয়ে৷

এক অভিজাত পৰিয়ালত আলাসত ডাঙৰ-দীঘল হোৱা ৰিয়া চক্ৰৱৰ্তীয়ে এতিয়া কাৰাগাৰৰ ভিতৰত অন্য কয়দীৰ দৰেই পাৰ কৰিবলগা হৈছে দিন৷ নিৰাপত্তাজনিত কাৰণত ৰিয়াক অন্য কয়দীৰ পৰা পৃথকে অচুতীয়া চেলত ৰখা হৈছে৷ ৰিয়াৰ আচুতীয়া চেলটোৰ তিনিফালে আছে পকী বেৰ আৰু এফালে লোৰ গ্ৰীল৷ এই চেলটো দেখিবলৈ থানাৰ লক-আপৰ দৰেই৷ আনহাতে কাৰাগাৰৰ এক সূত্ৰৰ মতে, ৰিয়া চক্ৰৱৰ্তীৰ ১ নম্বৰ চাৰ্ক’লত থকা চেলৰ সন্মুখতে ৰখা হৈছে শ্বিনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীক৷ অৰ্থাৎ কাৰাগাৰৰ ভিতৰত এতিয়া ৰিয়া আৰু ইন্দ্ৰাণীয়ে চুবুৰীয়াৰ দৰে সময় পাৰ কৰিবলগা হৈছে৷

কাৰাগাৰত পুৱা ৭.৩০ বজাক অন্য কয়দীৰ দৰেই ৰিয়াকো চাহ খাবলৈ দিয়া হয়৷ তাৰ পিছত অন্য কয়দীৰ সৈতে ৰিয়াইয়ো খাব লাগে দুপৰীয়াৰ আহাৰ৷ য’ত থাকে মচুৰ ডাইল, ভাত, ৰুটী, আলু আৰু অন্য শাক পাচলি৷ নিশাৰ আহাৰত কেতিয়াবা মাছ বা মাংস আৰু কেতিয়াবা নিৰামিষ খাবলগা হয় ৰিয়াই৷ এনেদৰেই এতিয়া কাৰাগাৰৰ ভিতৰত ৰিয়াই পাৰ কৰিছে কাহানিও কল্পনা নকৰা এক জীৱন৷