মহানগৰীৰ পল্টনবজাৰত এজন নীৰিহ বাইক আৰোহীক পত্নী আৰু কণমানি কন্যাৰ সন্মুখতে অসম আৰক্ষীয়ে প্ৰহাৰ কৰাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে সাধাৰণ মানুহৰ ওপৰত চলোৱা অত্যাচাৰক একেমুখে গৰিহণা দিছে সকলোৱে।
আনহাতে আৰক্ষীৰ হাততে নিৰ্যাতিত হোৱা ভুক্তভোগী বিকি গুপ্তা নামৰ বাইক আৰোহীজনকে আৰক্ষীয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰা কাৰ্যকো সহজভাৱে মানি ল’ব পৰা নাই সাধাৰণ নাগৰিকে।
ঘটনাক লৈ তৎপৰতা গ্ৰহণ কৰি ইতিমধ্যে পল্টনবজাৰ আৰক্ষী থানাৰ যান-বাহন শাখাৰ আৰক্ষী ফখৰুদ্দিন আহমেদক নিলম্বন কৰাৰ লগতে থানাখনৰ যান বাহন শাখাৰ উপ-পৰিদৰ্শক প্ৰণৱ কুমাৰ ডেকাক ৰিজাৰ্ভ’ ক্ল’জ কৰা হৈছে।
কিন্তু এতিয়াও জে’লত আৱদ্ধ হৈ আছে বাইক আৰোহী বিকি গুপ্তা। কিন্তু কাৰাবন্দী বিকি গুপ্তাক সসন্মানে কাৰাগাৰৰ পৰা ঘূৰাই অনাৰ নিৰ্দেশ দিয়া হৈছে বুলি মন্তব্য কৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। ৰবীন্দ্ৰ ভৱনত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে দেওবাৰে সন্ধিয়া কয় যে জনতা আৰু আৰক্ষীৰ মাজত সুসম্পৰ্ক ৰক্ষা কৰিবলৈ আৰক্ষীক বিশেষভাৱে প্ৰশিক্ষণ দিয়া হৈছে।
প্ৰাক্তন আৰক্ষী বিষয়া পল্লৱ ভট্টাচার্য আৰু লেখিকা-অভিনেত্রী ড০ আকাশীতৰাই আৰক্ষীক এই প্ৰশিক্ষণ দি আছে বুলিও জানিবলৈ দিয়ে ভাস্কৰজ্যোতি মহন্তই। তেওঁ লগতে কয় যে বিকি গুপ্তাক প্ৰহাৰ কৰা ঘটনাটোত জড়িত আৰক্ষী কেইজনে এনে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল নে নাই সেই বিষয়ে তদন্ত কৰা হ’ব।
মহানগৰীৰ মাজমজিয়াত ঘটা এই ঘটনা অত্যন্ত বেয়া আৰু ব্যতিক্ৰম বুলি অভিহিত কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে অভিযুক্ত আৰক্ষী কেইজনৰ বিৰুদ্ধে ইতিমধ্যে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কাৰাগাৰৰ পৰা বিকি গুপ্তাক সসন্মানেৰে ঘূৰাই অনা হ’ব।
উল্লেখ্য যে, দেওবাৰে ৰহা ভ্ৰমণৰ সময়ত এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও। সাধাৰণ নাগৰিকৰ সৈতে আৰক্ষীৰ আচৰণ অত্যন্ত মৰমীয়াল হ’ব লাগে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পল্টন বজাৰৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছিল। আনকি কাৰাগাৰৰ ভিতৰত থকা বিকি গুপ্তাক ক্ষমা বিচাৰিবলৈ তেওঁ আৰক্ষী উপায়ুক্তক নিৰ্দেশ দিয়া বুলিও সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰিছিল।
