কাৰাগাৰৰ পৰাই পৰীক্ষাত বহিব লাগিব বৰ্ষাশ্ৰীয়ে

152

কাৰাগাৰৰ পৰাই পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে। এই কথা জানিবলৈ দিছে গোলাঘাট আৰক্ষীয়ে।

বিগত প্ৰায় দুমাহ ধৰি কাৰাবন্দী হৈ থকা বৰ্ষাশ্ৰীক বৃহস্পতিবাৰে পৰীক্ষাত বহাৰ অনুমতি প্ৰদান কৰিছিল গোলাঘাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে। আদালতে নিজ পৰীক্ষা কেন্দ্ৰৰ পৰাই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি দিছিল বৰ্ষাশ্ৰীক।

কিন্তু আইন শৃংখলাজনিত কাৰণত পৰীক্ষা কেন্দ্ৰৰ পৰিৱৰ্তে কাৰাগাৰতে বৰ্ষাশ্ৰীক পৰীক্ষাত বহাৰ সকলো ব্যৱস্থা কৰি দিব বুলি জনায় গোলাঘাট আৰক্ষীয়ে। আৰক্ষীয়ে ডিচিবি কলেজৰ পৰা লৈ যাব বৰ্ষাশ্ৰীৰ পৰীক্ষাৰ প্ৰশ্ন কাকত আৰু বহী।

উল্লেখ্য যে, ১৬ জুলাইত স্নাতক দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হব বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ ডিচিবি কলেজৰ ছাত্ৰীগৰাকী।

সামাজিক মাধ্যমত আলফাৰ সমৰ্থনত পোষ্ট কৰাৰ অপৰাধত ১৮ মে’ত আৰক্ষীয়ে উৰিয়ামঘাটৰ পৰা গ্ৰেপ্তাৰ কৰিছিল টীয়কৰ ১৯ বৰ্ষীয় যুৱতীগৰাকীক। তেতিয়াৰে পৰা কাৰাগাৰত বন্দীত্বৰ জীৱন পাৰ কৰি আছে বৰ্ষাশ্ৰীয়ে।

আনহাতে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি বিচাৰি বৰ্ষাশ্ৰীয়ে জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাতে লিখা আবেদন দাখিল কৰাৰ পিছতে আদালতে তেওঁক পৰীক্ষাত বহাৰ অনুমতি প্ৰদান কৰিছিল।