পৱন নীল কাশ্যপ, কমলপুৰঃ কোভিড মহামাৰীৰ সংকটজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু তেখেতৰ পত্নী গৰীমা শইকীয়াৰ বিশেষ উদ্যোগ।
বৃন্দাবন চুপাৰমাৰ্টৰ তৰফৰ উদ্যোগত তেওঁলোকৰ কাহিলীপাৰাস্থিত দুমহলীয়া ঘৰটো “কোভিড কেয়াৰ কেন্দ্ৰ” হিচাপে ব্যৱহাৰ কৰিবলৈ আৰু লগতে বৃন্দাবন থিয়েটাৰৰ দুখন ট্ৰাক সকলো সময়তে কোভিড সম্পৰ্কীয় কামত ব্যৱহাৰ কৰাৰ বাবে চৰকাৰ-প্ৰশাসনক প্ৰদান কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।
এক ফেচবুক পোষ্ট যোগে গৰীমা শইকীয়াই ঘোষণা কৰে এই কথা।