কামৰূপ ব্যায়াম সমিতিৰ নৱনিৰ্মীত ভবনৰ আধাৰশিলা স্থাপন

103

মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৰিলে আধাৰশিলাৰ শুভাৰম্ভ

ষ্টাফৰিপৰ্টাৰ, ১৭ জুন : গুবাহাটী মহানগৰীৰ হেপিভিলাস্হিত ঐতিহ্যমণ্ডিত ৯৪ বছৰীয়া কামৰূপ ব্যায়াম সমিতিৰ এটি নতুন আধাৰশিলা বুধবাৰে স্থাপন কৰা হয় ৷ গুৱাহাটী উন্নয়ন মন্ৰী তথা পুৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই আধাৰশিলা স্হাপনৰ শুভাৰম্ভ কৰে ৷ ২০১৮-১৯ বৰ্ষৰ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ চমুকৈ ( জি এম ডি এৰ)আছনিৰ অধীনত কামৰৰূপ ব্যায়াম সমিতিৰ নতুকৈ এক গৃহ নিৰ্মাণ কৰা হ’ব ৷ সামাজিক দুৰত্বৰ প্ৰতি লক্ষ্য ৰাখি
আয়োজন কৰা আধাৰশিলা স্হাপন অনুষ্ঠানত মন্ৰী সিদ্ধাৰ্থ
ভট্টাচাৰ্যই ভৱনটোৰ আধাৰশিলা স্হাপন কৰি কয় “ব্যায়ামে মানুহৰ ৰোগ নিয়ন্ত্ৰণ কৰে ৷ বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া ব্যায়ম একমাত্ৰ মাধ্যম ৷ সেইবাবেই শিশুৰ পৰা বয়োজ্যেষ্ঠ জনলৈকে সকলোৱে ব্যায়াম অভ্যাসৰ খুবেই প্ৰয়োজন বুলি মন্ৰী গৰাকীয়ে উল্লেখ কৰে ৷ তেওঁ লগতে এই ভৱনটি অতি ক্ষীপ্ৰতাৰে কাম আগবঢ়াই সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াক
নিৰ্দেশ দিয়ে ৷৷ উল্লেখ্য যে ৰাজ্য তথা দেশৰ শৰীৰ চৰ্চাৰ এটি প্ৰচীন লৌহ ক্ৰীড়া জগতৰ কেইবাগৰাকীও বিশ্বচেম্পিয়ন আন্তৰ্জাতিক ৰাষ্ট্ৰীয় খ্যাতিমান বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত উপস্হিত থাকে ৷ আধাৰশিলা স্হাপন অনুষ্ঠানত কামৰূপ ব্যায়ম সমিতিৰ সম্পাদক জোন বৰা কাকতিয়ে উপস্থিত থাকি কয় হেপিভিলা এই ব্যায়ম সমিতিৰ এই ভৱনত শৰীৰ চৰ্চা কৰি ৰাজ্যৰ লগতে দেশ – বিদেশত কেইবাগৰাকী ক্ৰীড়া জগতত চেম্পিয়ন লাভ কৰিবলৈ সক্ষম হৈছে ৷ লগতে ৰাষ্ট্ৰীয়- আন্তৰাষ্ট্ৰীয় খ্যাতিমান বিশিষ্ট খেলুৱে ’ বিছাৰক টেকনিকেল কৰ্মকৰ্তা সৃষ্টিত অৰিহনা যোগাইছে কামৰুপ ব্যায়ম সমিতিয়ে বুলি তেওঁ উল্লেখ কৰে ৷