কমলপুৰ আল্টাত সান্ধ্য আইনৰ সময়তো শ শ শ্ৰমিকেৰে চলিছে উদ্যোগৰ নিৰ্মাণৰ কাম। কৰোণা মহামাৰীৰ বাবে চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাক ভৰিৰে মোহাৰি সান্ধ্য আইনৰ সময়তো শ শ শ্ৰমিকেৰে পাইপ উদ্যোগ নিৰ্মাণৰ কাম কাম চলাই থকাক লৈ বৃহত্তৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া। কৰোণা মহামাৰীৰ সময়তো সান্ধ্য আইনক লৈ কৰা ল’ৰা ধেমালিক লৈ ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী।
নিৰ্মীয়মান পাইপ আৰু ক্ৰাফট উদ্যোগটোৱে সান্ধ্য আইনৰ সময়ছোৱাতো প্ৰায় তিনি শতাধিক শ্ৰমিকেৰে ওৰে নিশা উদ্যোগৰ নিৰ্মাণ আৰু ডাম্পাৰৰে ভূমি পোতা কাৰ্য নিৰ্বিঘ্নে চলাই গৈছে। মাস্ক অবিহনে মুকলি ঠাইত শশ শ্ৰমিকৰে কাম কৰাইছে বণিক গোষ্ঠীয়ে।
এই সন্দৰ্ভত স্থানীয় লোকসকলে কামৰূপ জিলা প্ৰশাসনক অভিযোগ কৰিছে যদিও এইক্ষেত্ৰত প্ৰশাসনে কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ তুলিছে ৰাইজে।