কামৰূপৰ আঠিয়াবৈত নৃশংস হত্যাকাণ্ড, পুত্ৰৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

104

পৱন নীল কাশ্যপ, চাংসাৰীঃ কামৰূপৰ আঠিয়াবৈত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। হত্যাৰ অভিযোগ উত্থাপন হৈছে পুত্ৰৰ বিৰুদ্ধে।

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, দীৰ্ঘদিন ধৰি পিতৃ ৰমেশ কলিতাৰ ওপৰত শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল পুত্ৰ ৰাতুল কলিতাই। ইফালে আজি বাসগৃহত ৰমেশ কলিতাক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ পিছতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। একাংশ ৰাইজে পুত্ৰ ৰাতুল কলিতাই পিতৃক হত্যা কৰাৰ অভিযোগ তোলে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত বহু পলমকৈ আৰক্ষীৰ দল উপস্থিত হোৱাক লৈও স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ ব্যক্ত কৰে।