কামপুৰৰ ভেকচিন প্ৰদান কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি, ৩জন আহত

88

নগাঁও জিলাৰ কামপুৰ কচুৱাৰ বিৰিঙাআটী এল পি স্কুলৰ ক’ভিড ভেকচিন কেন্দ্ৰত কুপন বিতৰণক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিত আহত হয় ৩জনকৈ লোক।

জানিব পৰা মতে, ভেকচিন কেন্দ্ৰটোত সোমবাৰে পুৱাৰে পৰা ভেকচিনৰ বাবে ভিৰ কৰিছিল ৫ শতাধিকৰো অধিক লোকে। কিন্তু কোভিড ভেকচিন কেন্দ্ৰটোত মাত্ৰ ৩০০ ড’জহে মজুত আছিল। স্বাস্থ্য কৰ্মীয়ে উপস্থিত লোকসকলৰ মাজত ভেকচিনৰ কুপন বিতৰণ কৰাৰ পিছতে কুপন লাভ নকৰা লোকসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। একাংশ লোকে মহিলা স্বাস্থ্যকৰ্মীগৰাকৰী স্বামী আৰু আন দুজৱ লোকৰ ওপৰতো আক্ৰমণ কৰে। যাৰ পৰিণতিত ৩ জন লোক আঘাতপ্ৰাপ্ত হয়। পিছত আহত তিনিওজনকে স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয়।

আনহাতে ধন লৈ কুপন প্ৰদানৰ গুৰুতৰ অভিযোগ তুলিছে স্বাস্থ্যকৰ্মীগৰাকীৰ স্বামী প্ৰাঞ্জল প্ৰতীম ডেকাৰ বিৰুদ্ধে৷ সমগ্র ঘটনা সন্দৰ্ভত কেন্দ্ৰটোৰ স্বাস্থ্যকৰ্মীয়ে কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কচুৱা আৰক্ষীয়ে।