ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ কামপুৰত আজি এক শোকাৱহ ঘটনাত দুজনকৈ যুৱকে কৰুণভাৱে মৃত্যুক আকোঁৱালি লয়। মৃত যুৱক দুজন হৈছে কামপুৰ ঘিলানীৰ পাৰভেজ আহমেদ (১৭) আৰু নগাঁৱৰ ডিমৰুগুৰিৰ ফৰিদ আহমেদ (২০)।
প্ৰাপ্ত বাতৰি মতে মৃত ফৰিদ আহমেদে কামপুৰৰ ঘিলানীৰ পাৰভেজৰ ঘৰত ফুৰিব আহিছিল। সোমবাৰে পুৱা দুয়ো দুপৰীয়া ঘৰৰ পৰা ওলাই গৈ তীব্ৰ গৰমৰ বাবে কপিলী নৈত গা-ধুবৰ বাবে নামি গৈছিল। কপিলীত গা ধুই থকাৰ অৱস্থাতে দুয়োজন যুৱক পানীৰ ডুবিত সোমাই যায়। স্থানীয় লোকৰ তৎপৰতাত কপিলী নদীত যুৱক দুজন সোমাই যোৱা প্ৰত্যক্ষ কৰি দুয়োকে নদীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
ইতিমধ্যে যুৱক দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। আজিৰ এই ঘটনাটোৱে ঘিলানীৰ লগতে বৃহত্তৰ কামপুৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।
