ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ কামপুুৰৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান “আৰোহণ”ৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানটি পহিলা বহাগৰ দিনা অনুষ্ঠিত হৈ যায়। কামপুৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ প্ৰাংগণত বজৰংবলী অট’ম’বাইলছৰ সহযোগত অনুষ্ঠিত কৰা ৰূপালী জয়ন্তী শুভাৰম্ভণি অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে “আৰোহণ”ৰ উপদেষ্টা, সাংস্কৃতিক সংগঠক প্ৰদীপ কুমাৰ হাজৰিকাই।
ৰংদৈ বিহুৱা দলে দলীয় বিহু নৃত্য প্ৰদৰ্শন কৰাৰ পাছতেই কামপুৰৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা কামপুৰ পৌৰসভাৰ অন্তৰ্গত ১২০ গৰাকী ব্যক্তিক “বহাগী বৰণ” প্ৰদান কৰি “আৰোহণ”ৰ সদস্য সকলে আৰ্শীবাদ গ্ৰহণ কৰে। অনুষ্ঠানৰ মাজতেই লেখক অতুল চন্দ্ৰ কাকতীৰ “গোমুখীৰ পৰা গংগা সাগৰলৈ” গ্ৰন্থখনি উন্মোচন কৰে লেখক প্ৰৱীণ শৰ্মাই।

শুভাৰম্ভণি অনুষ্ঠানত কাকলি দেৱী হাজৰিকাৰ পৰিচালনাত সত্ৰীয়া নৃত্য আৰু সৃষ্টিমূলক গীতত নৃত্য প্ৰদৰ্শন কৰা হয়। “বহাগী বৰণ” অনুষ্ঠানৰ পাছতেই অনুষ্ঠিত হয় অন্তৰংগ আলাপ অনুষ্ঠান। অন্তৰংগ আলাপ অনুষ্ঠানত অংশ লয় সাংস্কৃতিক কৰ্মী পৰাগ তামুলীয়ে।
উল্লেখ্য যে “আৰোহণ”ৰ ৰূপালী জয়ন্তীৰ মূল অনুষ্ঠানটি অহা ৩ আৰু ৪ ডিচেম্বৰত কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত অনুষ্ঠিত হ’ব বুলি সভাপতি প্ৰসেনজিৎ বৰুৱা, কাৰ্যকৰী সভাপতি চন্দ্ৰ বৰা, সম্পাদকদ্বয় নিৰুপম বৰা আৰু মিন্টু কুমাৰ দাসে জনাইছে।
