কাটাৰ বিশ্বকাপৰ পিছতে খেলপথাৰত দেখা পোৱা নাযাব তাৰকা ফুটবলাৰ লিঅ’নডস্কিক! দিলে অৱসৰৰ ইংগিত…

11676

ডিজিটেল ডেস্ক: ফ্ৰান্সৰ হাতত পৰাস্ত হোৱাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰৰ ইংগিত প্ৰদান কৰিছে পোলেণ্ডৰ তাৰকা ফুটবলাৰ ৰবাৰ্ট লিঅ’নডস্কিয়ে।

দেওবাৰৰ খেলখনত পেনাল্টি গ’ল কৰাৰ পাছতো বাৰ্চিলোনাৰ ষ্ট্ৰাইকাৰগৰাকীয়ে অনুভৱ কৰিছে যে তেওঁ পৰৱৰ্তী বিশ্বকাপৰ বাবে ফিট নহ’ব। গতিকে, ইচ্ছা কৰিলেও তেওঁক দীৰ্ঘদিনলৈ দেশৰ জাৰ্চি পিন্ধা দেখা নাযায় বুলি কয় পোলেণ্ডৰ তাৰকা ফুটবলাৰ গৰাকীয়ে।

ফ্ৰান্সৰ বিৰুদ্ধে খেলখনত পৰাস্ত হোৱাৰ পিছত লিঅ’নডস্কিয়ে কয়, ‘শাৰীৰিক সমস্যাৰ বাহিৰেও ফুটবলৰ বাহিৰত বহু কথা মনত ৰখাৰ প্ৰয়োজন আছে। পৰৱৰ্তী বিশ্বকাপলৈকে যদি মোৰ ফুটবলৰ প্ৰতি থকা প্ৰেম অক্ষত থাকে তেন্তে মই নিশ্চিতভাৱে খেলিম। কিন্তু যদি মই খেলাৰ সিদ্ধান্ত লওঁ তেন্তে চৌপাশৰ পৰিস্থিতিটো চাব লাগিব। এইটো মোৰ শেষ বিশ্বকাপ হওক বা নহওক, এতিয়া কোনো কথা কোৱা হোৱা নাই।’

আনহাতে, ফ্ৰান্স বনাম পোলেণ্ডৰ খেলৰ অন্ত পৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। বিশ্বকাপৰ পৰা ওলাই অহাৰ পিছত পোলেণ্ডৰ গ’লৰক্ষক শ্বচেছনীৰ পুত্ৰ লিয়াম চকুলোৰে ভাঙি পৰে। খেলপথাৰৰ পৰা ওলাই অহাৰ পিছত শ্বচেছনীয়ে তেওঁক সান্ত্বনা দিবলৈ চেষ্টা কৰিছিল। কিন্তু তথাপিও দেউতাকৰ নামৰ জাৰ্চি পিন্ধা কণমানি লিয়ামে কান্দি থকাৰ ভিডিঅ’ মন সিক্ত কৰিছে নেটিজেনৰ।

১৯৮৬ চনৰ পিছত পোলেণ্ডে প্ৰথমবাৰৰ বাবে গ্ৰুপ পৰ্যায়ৰ পৰা নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। দীৰ্ঘদিন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলাৰ পিছতো লিঅ’নিডস্কিৰ বিশ্বকাপৰ মঞ্চত কোনো গ’ল নাছিল। বায়ার্ন মিউনিখৰ প্রাক্তন তাৰকাগৰাকীয়ে ছৌদি আৰৱৰ বিৰুদ্ধে বিশ্বকাপত প্রথমবাৰৰ বাবে গ’ল দিয়ে৷ বিশ্বকাপৰ পৰা ওলাই অহাৰ পিছত তেওঁৰ মতে, “মেগা টুৰ্ণামেণ্টত পোলেণ্ডে ভাল খেলিছিল। কিন্তু বিশ্ব চেম্পিয়নৰ বিৰুদ্ধে খেলাটো সদায় অতি কঠিন। দল হিচাপে আমি জানিছিলোঁ যে আমাৰ ক’ত অভাৱ। কিন্তু আমাৰ লক্ষ্য আছিল গ্ৰুপ ষ্টেজৰ পিছত খেলা। তাত আমি সফল হ’লোঁ।”