কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চোৰাং চিকাৰৰ এক বৃহৎ পৰিঘটনাত শেহতীয়াকৈ অসম আৰক্ষীয়ে শনিবাৰে তিনিজন সন্দেহযুক্ত চোৰাংচিকাৰীক আটক কৰিছে।
ধৃত চোৰাং চিকাৰী কেইটাৰ নাম হৰুণ ইছলাম (২৪), ৰেকোট আলী (৪৫) আৰু জোবান আলী (৪৪)।
প্ৰাথমিক খবৰ অনুসৰি শুকুৰবাৰে নিশা জামুগুৰিহাট আৰক্ষীৰ সহযোগত জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই তিনিজন সন্দেহযুক্ত চোৰাংচিকাৰীক আটক কৰে।
বৃহস্পতিবাৰে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ সংঘটিত গঁড় চিকাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।
চোৰাং চিকাৰৰ তদন্তত অগ্ৰগতি লাভ কৰা বুলিও দাবী কৰিছিল জি পি সিঙে।
