কাজিৰঙাত চোৰাং চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৪টা বনৰীয়া হাঁহ

71

সোমবাৰে দুপৰীয়া কাজিৰঙাত চোৰাং চিকাৰীৰ কবলৰ পৰা দুগৰাকী প্ৰকৃতি প্ৰেমীয়ে উদ্ধাৰ কৰে ৪ টা বনৰীয়া হাঁহ। “চেভ গ্ৰীণ ৱৰ্ল্ড মিছন” নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ অধ্যক্ষ মঞ্জিত পাতিৰ আৰু সদস্য মুহিনন্দ পেগুৱে এই সন্দৰ্ভত গোপন সূত্ৰে খবৰ পাই সোমবাৰে ব্ৰহ্মপুত্ৰ নদৰ বালি চাপৰিত চোৰাং চিকাৰীৰ সন্ধান চলায়। ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত ঝাও বনৰ মাজত দুটামান সন্দেহযুক্ত ব্যক্তিৰ চালচলন প্ৰত্যক্ষ কৰি অনুসৰণ কৰাত অচিনাক্ত ব্যক্তি দুটাই প্ৰকৃতি প্ৰেমী দুগৰাকীক দেখি এটা মোনা পেলাই দৌৰি পলায়ন কৰে।

খেদি খেদি দুই চোৰাং চিকাৰীক আটক কৰিবলৈ দুই প্ৰকৃতি প্ৰেমী ব্যৰ্থ হয় যদিও চোৰাং চিকাৰীৰ কবলৰ পৰা ৪ টা বনৰীয়া হাঁহ জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পাখি, ভৰি আদিত আঘাতপ্ৰাপ্ত বনৰীয়া হাঁহ কেইটাক ঘৰলৈ আনি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি, খাদ্য খুৱাই সুস্থ কৰাত ব্ৰতী হৈছে প্ৰকৃতিপ্ৰেমী দুগৰাকী।

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ চাপৰিত জাল পাতি অজ্ঞাত ব্যক্তিয়ে গোপনে দীৰ্ঘদিন ধৰি বহু পৰিভ্ৰমী চৰাই ধৰি চোৰাং বেহা অব্যাহত ৰাখি আহিছে। এই ক্ষেত্ৰত ঢকুৱাখনা আৰক্ষী আৰু বিভিন্ন প্ৰকৃতি সংগঠনৰ সক্ৰিয়তা সাম্প্ৰতিক সময়ত জৰুৰী হিচাপে বিবেচিত হৈছে।