কাছাৰৰ লক্ষীপুৰ SBI বেংক শাখাত অমান্য কোভিড প্ৰট’কল…

67

কোৰোনাৰ দ্বিতীয় সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সমগ্ৰ দেশত। অসমতো প্ৰতিদিনে বৃদ্ধি পাইছে কোৰোনা সংক্ৰমিত ৰোগীৰ সংখ্যা। কিন্তু এইবোৰলৈ যেন কাণসাৰ নাই কাছাৰ জিলাৰ লক্ষীপুৰ চহৰবাসীৰ। লক্ষীপুৰ চহৰস্থিত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখাত কোভিড প্ৰট’কল তিলমানো পালন নকৰাকৈয়ে ভিৰ কৰিছে একাংশই।

এছবিআইৰ শাখাটোৰ বাহিৰত যিদৰে ভিৰ, সেইদৰেই গ্ৰাহকে ভিৰ কৰিছে ভিতৰচ’ৰাতো। অধিকাংশ গ্ৰাহকেই মাস্ক পৰিধান কৰা নাই, পালন হোৱা নাই সামাজিক দূৰত্ব।

উল্লেখ্য যে, এছবিআইৰ শাখাটোৰ ঠিক সন্মুখতেই আছে লক্ষীপুৰ সদৰ থানা। কিন্তু তাৰ পিছতো বেংক শাখাটোত অমান্য হৈ থকা কোভিড প্ৰট’কল বিধি সন্দৰ্ভত কোনো গুৰুত্ব আৰক্ষীয়ে প্ৰদান কৰা হোৱা পৰিলক্ষিত হোৱা নাই। এনে পৰিস্থিতিত লক্ষীপুৰত কোৰোনাৰ গণ সংক্ৰমণৰ আশংকা কৰিছে সচেতন ৰাইজে। আনহাতে বেংকত কৰ্মচাৰীৰ অভাৱৰ বাবেই গ্ৰাহকে এনেদৰে ভিৰ কৰা বুলি অফ কেমেৰাত মন্তব্য কৰিছে বেংকৰ মেনেজাৰে।