কাছাৰত হেৰইনসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে

364

ৰাজ্যত অব্যাহত নিচাজাতীয় সামগ্ৰী সৰবৰাহ।উল্লেখযোগ্য যে কাছাৰত হেৰইনসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সোণাই থানাৰ অচি মহাত্মা মানস সন্দিকৈৰ নেতৃত্বত মঙলবাৰে নিশা সোণাই- কাবুগঞ্জ পথত তালাচী চলাই এখন এলটো বাহনৰ পৰা জব্দ কৰে হেৰইনখিনি।AS-24-5885 নম্বৰৰ এলটো খনত তালাচী চলাই আৰক্ষীয়ে বাহন খনৰ পৰা দুটা হেৰইন ভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰে। বাকচ দুটাৰ পৰা ২৬ গ্ৰাম হেৰইন জব্দ কৰা হয়। হেৰইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে চাহানুৰ আলম মজুমদাৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনক গ্ৰেপ্তাৰ কৰে।