কাছাৰত মাওবাদী গোচৰত জড়িত থকাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ NIAৰ

274

কাছাৰ জিলাত চি পি আই (মাওবাদী) গোচৰত জড়িত থকাৰ অভিযোগত পশ্চিম বংগৰ মহিস্পতাত এজন মাওবাদী বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই।

সোমবাৰে পশ্চিমবংগৰ কল্যাণী এক্সপ্ৰেছৱে’ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সম্ৰাট চক্ৰৱৰ্তী ওৰফে অমিত ওৰফে আৰ্ঘা নামৰ অভিযুক্ত মাওবাদী নেতাজনক।

গোচৰটো পশ্চিমবংগৰ প্ৰবীণ মাওবাদী নেতা অৰুণ কুমাৰ ভট্টাচাৰ্জী ওৰফে কবীৰ ওৰফে কাঞ্চন দা, কেন্দ্ৰীয় সমিতিৰ সদস্য তথা চিপিআই (মাওবাদী)ৰ মতাদৰ্শবাদী আৰু কৌশলীক গ্ৰেপ্তাৰৰ সৈতে জড়িত।

২ ছেপ্টেম্বৰত গুৱাহাটীৰ বিশেষ NIA আদালতত গ্ৰেপ্তাৰ হোৱা ৬ জন মাওবাদীৰ বিৰুদ্ধে NIA য়ে অভিযোগনামা দাখিল কৰে।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ গুৱাহাটী শাখাই প্ৰকাশ কৰে যে সম্ৰাট মাওবাদী নেতৃত্ব আৰু গ্ৰেপ্তাৰ কৰা মাওবাদী নেতা অৰুণ কুমাৰ ভট্টাচাাৰ্জীৰ মাজৰ লিংক মেন আছিল।

‘সংগঠনৰ শীৰ্ষ স্তৰ আৰু অসমত নিজৰ আত্মগোপন স্থানৰ পৰা কাৰ্যকৰী হৈ থকা অৰুণ ভট্টাচাাৰ্জীৰ মাজত গোপন যোগাযোগত তেওঁ আছিল লিংকমেন।’-এনআইএৰ মতে।

অৰুণ কুমাৰ ভট্টাচাাৰ্জীক নিষিদ্ধ সংগঠনটোৰ বাবে কাৰ্যকলাপ স্থাপন কৰাত সহায় কৰিবলৈ অসমৰ কাছাৰতো উপস্থিত হয় সম্ৰাটে।