কাছাৰত ধুমুহাই প্ৰাণ ল’লে ৩জনৰ। বুধবাৰে নিশা অহা ঘূৰ্ণি বতাহ–ধুমুহাত ঘৰৰ ওপৰত গছ বাগৰি একেটা পৰিয়ালৰ তিনিজনে হেৰুৱালে প্ৰাণ। দুটি শিশুসহ মাতৃয়ে কৰুণ মৃত্য়ুক সাৱটি লয়। ইন্দিৰা আৱাস যোজনাৰ দ্বাৰা লাভ কৰা ঘৰটোতে বাগৰি পৰে প্ৰকাণ্ড গছ। নিশা শুই থকা অৱস্থাতে অকাল মৃত্যু হয় তিনিওজন সদস্যৰ।
