মণিপুৰৰ চুৰাচান্দপুৰ আৰু কাংপকপি জিলাৰ পৰা অহা চাৰিজন লোকক ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত কাছাৰ জিলাত গ্ৰেপ্তাৰ কৰা হৈছে।
আটকাধীন লোক কেইজন হৈছে মামাং হাওকিপ (৩৬), হাওবেম হাওকিপ (৩০), হেনবয় হাওকিপ (৩৯) আৰু গগৌ পাইটে (৩০)।
আৰক্ষীৰ মতে, মামাং, হেনবয় আৰু গগৌ চুৰাচান্দপুৰৰ, হাওবেমৰ ঘৰ কাংপকপিত।
চুৰাচান্দপুৰৰ পৰা মিজোৰামৰ মাজেৰে বলেৰ’ গাড়ীৰে গৈ ধলাই অঞ্চলৰ পৰা কাছাৰত প্ৰৱেশ কৰিছিল সন্দেহযুক্ত ড্ৰাগছ বেপাৰীকেইজনে।
কাছাৰৰ আৰক্ষী অধীক্ষক নুমল মহত্তই কয়, ‘তেওঁলোকে চালানটো আন কোনো ৰাজ্যলৈ লৈ যাব বিচাৰিছিল, আৰু আৰক্ষীক অন্যমনস্ক কৰিবলৈ অস্বাভাৱিক পথ বাছি লৈছিল, কিন্তু বিফল হৈছিল।
ইফালে, কাছাৰ আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান আৰম্ভ কৰি নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি (এন আই টি) শিলচৰৰ সমীপত গাড়ীখন আটক কৰে।
