কাছাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত তুমুল সংঘৰ্ষ

84

কাছাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত তুমুল সংঘৰ্ষ।

ভুৱন পাহাৰত সংঘটিত হয় এই ঘটনা।

সংঘৰ্ষত নিহত হয় তিনি উগ্ৰপন্থী সদস্য।

কাছাৰৰ পূব ধলাইৰ আমৰাঘাট কৃষ্ণপুৰৰ গংগানগৰ অঞ্চলৰ পৰা তিনি মাৰ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

জব্দ কৰা হৈছিল এটা একে-৪৭ আৰু পিষ্টল।

ধৃত উগ্ৰপন্থীকেইটাক লৈ নিশা অভিযানত নামিছিল আৰক্ষীৰ দল।

অভিযান চলোৱাৰ সময়তে আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ হয়।

প্ৰায় এঘণ্টা ধৰি চলা আৰক্ষী আৰু উগ্ৰপন্থীৰ গুলীয়াগুলিত তিনি উগ্ৰপন্থী নিহত হয়।

নিহত উগ্ৰপন্থী তিনিটাৰ ভিতৰত দুটাৰ ঘৰ কাছাৰত আৰু এটাৰ মণিপুৰত।

এই সংঘৰ্ষত আৰক্ষীও আহত হোৱা বুলি জানিব পৰা গৈছে।