কাছাৰত অস্ত্ৰসহ নিষিদ্ধ সংগঠন এলটিটিৰ কেডাৰক গ্ৰেপ্তাৰ

188

বৃহস্পতিবাৰে কাছাৰ জিলাত অস্ত্ৰসহ লিবাৰেশ্যন টাইগাৰছ অৱ ট্ৰাইবেলছৰ এজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয়।

ধৃত সন্ত্ৰাসবাদীজনৰ নাম ছেইমিনথাং ওৰফে এলেক্স গাংটে।

আৰক্ষীয়ে তেওঁৰ হাতত থকা গুলীসহ এটা ৯ এম এম পিষ্টল উদ্ধাৰ কৰে।

কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নুমল মহত্তই জনোৱা মতে, গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে জয়পুৰ থানাৰ অন্তৰ্গত হৰি নগৰ অঞ্চলত বিশেষ অভিযান চলাই এল টি টিৰ এজন স্বয়ম্ভু সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে ২০১৮ চনত গঠন হোৱা এল টি টি ড্ৰাগছ ব্যৱসায়, অপহৰণ, হত্যা, অবৈধ কৰ সংগ্ৰহ আৰু অন্যান্য অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত বুলি অভিযোগ উঠিছে।

আৰক্ষীৰ তথ্য অনুসৰি চলিত বৰ্ষৰ ২৯ জুলাইত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সন্মুখত অধ্যক্ষ আৰু উপ অধ্যক্ষকে ধৰি সংগঠনটোৰ ১২জন উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰে।