কাইলৈ অসমলৈ আহিব জে.পি নড্ডা

73

কাইলৈ এদিনীয়া ভ্ৰমণসূচীৰে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ উদ্দেশ্যে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডা৷ ৩ খন নিৰ্বাচনী সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰিব৷ দিনৰ ১২ বাজি ৩০ মিনিটত ডিব্ৰুগড়ৰ লীলাবাৰী বিমানবন্দৰত উপস্থিত হৈ ঢকুৱাখনা, জামগুৰিহাট আৰু সন্ধিয়া বৰচলাৰ এইচএছ ফিল্ডত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। নিশা তেজপুৰত উপস্থিত হৈ শোণিতপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত বৈঠকত মিলিত হ’ব৷