“কল্পনাৰ ষ্টেছন” এক নতুন প্ৰচেষ্টা

96

ষ্টাফৰিপোৰ্টাৰ, ১৯ এপ্ৰিল : কল্পনাৰ ষ্টেছন, নতুন প্ৰচেষ্টা এটা হাতত লৈছে নাট্যকাৰ, অভিনেতা ইন্দ্ৰজিত কাকতিয়ে। অতি শীঘ্ৰে আৰম্ভ কৰিম এটা চুটি গল্পৰ অনুষ্ঠান। নাম: “কল্পনাৰ ষ্টেছন” য’ত আপুনিও স্বৰচিত চুটিগল্প প্ৰেৰণ কৰিব পাৰিব আৰু কিছু নিৰ্বাচিত গল্প অডিঅ’ আকাৰত মুক্তি দিয়া হ’ব “কল্পনাৰ ষ্টেছনত”। লগতে গল্প পাঠ কৰিবলৈ কিছু সংখ্যক শিল্পীৰ প্ৰয়োজন হ’ব। এইক্ষেত্ৰত সকলোৰে সহায় সহযোগৰ বিচাৰিছে অভিনেতা গৰাকীয়ে লগতে ৮৪০২৯৪২৮৯৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।