কলেজ মাচুল হ্ৰাস কৰিবৰ বাবে মন্ত্ৰীক অনুৰোধ জনাবলৈ যোৱা এবিভিপিৰ সদস্যক আৰক্ষীৰ প্ৰহাৰ…

98

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশ এতিয়া কোভিড-১৯ৰ ভয়াবহতাক লৈ ত্ৰাসিত। বিগত প্ৰায় ৫ মাহে কোভিড-১৯ প্ৰতিৰোধৰ নামত চৰকাৰে আহ্বান কৰা লকডাউনে জুৰুলা কৰি পেলাইছে দেশৰ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীক। লকডাউনৰ সময়ত সকাহ স্বৰূপে চৰকাৰে কেইবাখনো আঁচনি ঘোষণা কৰিলেও এই আঁচনিসমূহ ৰূপায়ণৰ নামত দুৰ্নীতি সংঘটিত হৈ থকাৰ খবৰহে অধিক প্ৰচাৰ হৈছে।

আনহাতে লকডাউন প্ৰক্ৰিয়াৰ অন্ত পেলাই বৰ্তমান দেশত আনলক প্ৰক্ৰিয়াৰ আৰম্ভ কৰিলেও এতিয়াও বন্ধ হৈয়ে আছে শিক্ষানুষ্ঠানসমূহ। কিন্তু দুৰ্ভাগ্যজনকভাৱে পাঠদান বন্ধ থাকিলেও বহু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে পূৰ্বৰ দৰেই ফীজ আদায় লৈ অহা পৰিলক্ষিত হৈছে। তাৰ মাজতে দুই এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলক অলপ হ’লেও সকাহো প্ৰদান কৰিছে।

মহাৰাষ্ট্ৰত কোভিড-১৯ৰ পৰিপ্ৰেক্ষিতত স্কুল-কলেজ বন্ধ থাকিলেও শিক্ষানুষ্ঠানসমূহৰ মাচুল পূৰ্বৰ দৰেই লৈ আছে। যাৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ বাবে এতিয়া বিদ্যালয়-মহাবিদ্যালয়ৰ মাচুল আদায় দিয়াটো এক প্ৰধান সমস্যা হৈ পৰিছে। তেনে পৰিস্থিতিত আজি ৰাজ্যখনৰ ধূলেত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ একাংশ সদস্যই ৰাজ্যখনৰ মন্ত্ৰী আব্দুল চাট্টাৰক সাক্ষাৎ কৰিবলৈ যায়।

ধূলেত এক অনুষ্ঠানৰ পৰা মন্ত্ৰীগৰাকী উভতি অহাৰ সময়ত এবিভিপিৰ সদস্যসকলে মন্ত্ৰীগৰাকীৰ বাহনখন ৰখাব বিচাৰে। তেওঁলোকৰ উদ্দেশ্য মাথো সেয়াই আছিল যে মন্ত্ৰীগৰাকীক প্ৰত্যক্ষভাৱে কলেজৰ মাচুল হ্ৰাস কৰিবলৈ অনুৰোধ কৰা। কিন্তু মন্ত্ৰী আব্দুল চাট্টাৰৰ বাহন ৰখাব বিচৰা ছাত্ৰ সদস্য সকলৰ ওপৰত জঁপিয়াই পৰে আৰক্ষী-প্ৰশাসনে।

ৰাজপথতে এবিভিপিৰ সদস্যসকলক নিৰ্মমভাৱে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে আৰক্ষীয়ে। যাৰ ফলত কেইবাজনো ছাত্ৰ আহতও হয়। এই ঘটনাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জনতাৰ দ্বাৰা নিৰ্বাচিত মন্ত্ৰীক দুৰ্দশাৰ সময়ত কাতৰ অনুৰোধ কৰিবলৈ যোৱা ছাত্ৰ-ছাত্ৰীক এনেদৰে ৰাজপথত আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে বিভিন্নজনে।