কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনাত ৫ জনৰ মৃত্যু

161

সোমবাৰে নিশা কলিয়াবৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও পাঁচজন লোকৰ মৃত্যু হয়।

জানিব পৰা মতে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ইউ পি ৩৭ এ টি ২৭৬৬ নম্বৰৰ এখন ট্ৰাকে হুণ্ডাই গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়।

গাড়ীখনত অহা ৫জন যাত্ৰীৰ থিতাতে মৃত্যু হয়।

তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত এই ভয়ানক দুৰ্ঘটনা সংঘটিত হয় হুণ্ডাই গাড়ীখন।

ইফালে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।