কলিয়াবৰত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত সোমাল বাহন, কথমপি প্ৰাণৰক্ষা মহিলাসহ ৩ আৰোহীৰ

174

কলিয়াবৰৰ বুঢ়াপাহাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত বাগৰি পৰিল এল্ট’-৮০০ বাহন। শনিবাৰে পুৱতিনিশা সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে এগৰাকী মহিলাসহ তিনি আৰোহীৰ।

জানিব পৰা মতে, তিনি আৰোহীয়ে AS 21F 1624 নম্বৰৰ এল্ট’ ৮০০ বাহনখনেৰে জাগীৰোডৰ পৰা গোলাঘাট অভিমুখে গৈ থকা সময়তে বুঢ়াপাহাৰ চাহ বাগিচাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত এই পথ দুৰ্ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰে বাহনখনৰ ভিতৰত থকা আজিজুৰ ৰহমান আৰু পত্নী-পুত্ৰৰ।

জনশূন‍্য এলেকাটোত সংঘটিত দুৰ্ঘটনাত পিছৰ দুৱাৰ খুলি কোনোমতে প্ৰাণ বচাই ওলাই আহিবলৈ সক্ষম হয় মহিলাসহ তিনি আৰোহী। আৰক্ষীয় পুৱা উদ্ধাৰ কৰে দুৰ্ঘটনাগ্ৰস্ত বাহনখন। তিনি আৰোহীৰ অৱস্থা সুস্থ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে জাগীৰোড কাগজ কলৰ কৰ্মচাৰীৰ পাবলগীয়া অনাদায় ধন মুখ‍্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত দিয়াৰ পিছতেই কাগজ কলৰ আবাসগৃহ খালী কৰি গোলাঘাটৰ ঘৰলৈ গৈ আছিল তিনিজনীয়া পৰিয়ালটো।