কলিয়াবৰ লোকসভা সমষ্টি কংগ্ৰেছৰ দুৰ্গ আছিল আৰু কংগ্ৰেছৰ দুৰ্গ হৈয়ে থাকিব। কলিয়াবৰৰ চিকনি ত এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ ।
সাংসদ গৌৰৱ গগৈয়ে বৃহস্পতি বাৰে কলিয়াবৰ বিধান সভা সমষ্টিৰ কেবাতাও স্থানত সাংসদ এলেকা উন্নয়ন পুঁজিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে চিকনিত এখন কৰ্মী সভাতো অংশগ্ৰহণ কৰে । বৰ্তমানৰ বিজেপিৰ চৰকাৰ খন এখন অমানৱীয় চৰকাৰ আৰু এই চৰকাৰখনে ধনীক সন্মান আৰু দুখীয়াক অত্যাচাৰ কৰা বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰে । বাল্য বিবাহ আৰু উচ্ছেদ চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কেও মন্তব্য প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ।
