ক’লা মানুহৰ সন্দেহত বঙাইগাঁৱত মানসিকভাৱে অসুস্থ যুৱতীক বান্ধি লৈ নিৰ্যাতন

108

অন্ধ বিশ্বাসৰ বলি হৈ একাংশ লোকে এগৰাকী মানসিকভাৱে অসুস্থ যুৱতীক বান্ধি প্ৰহাৰ কৰাৰ জঘন্য ঘটনা পোহৰলৈ আহিছে বঙাইগাঁও জিলাৰ গেৰুকাবাৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত মৌতাৰাত।

উল্লেখ্য যে, বঙাইগাঁৱৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিন ধৰি ক’লা মানুহ ওলোৱাৰ এক উৰা বাতৰি প্ৰচাৰ হৈ আছে। অন্ধ বিশ্বাসৰ বলি হৈ একাংশ লোকে মানি লয় যে এই ক’লা মানুহে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ মানুহক আক্ৰমণ কৰে আৰু বিভিন্ন অপায়-অমংগল ঘটায়।

তেনে এক অন্ধবিশ্বাসৰ বলি হৈয়েই মৌতাৰাৰ একাংশ লোকে পকী খুঁটাত বান্ধি প্ৰহাৰ কৰিলে এগৰাকী মানসিকভাৱে অসুস্থ যুৱতীক। যি ঘটনাৰ দৃশ্য এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

দৰাচলতে ঈদৰ দিনা মানসিকভাৱে অসুস্থ যুৱতীগৰাকীয়ে বান্ধৱীৰ ঘৰলৈ গৈ থাকোতে বাট হেৰুৱাই মৌতাৰাত প্ৰৱেশ কৰে। তাৰ পিছতে যুৱতীগৰকাকী ক’লা মানুহ বুলি সন্দেহ কৰি একাংশ লোকে পকী খুঁটাত বান্ধি নিৰ্মমভাৱে অত্যাচাৰ চলায়। পিছত গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিয়ে।