কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মহাপ্রয়াণৰ ৫১ বছৰ: ন-পুৰণি ছাত্ৰ ছাত্ৰীৰ মাজত ৰাভা সংগীত প্ৰতিযোগিতা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন দিছপুৰ মহাবিদ্যালয়ৰ

82

ষ্টাফৰিপৰ্টাৰ, ২০ জুন ::সৈনিক শিল্পী কলাগুৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ মহাপ্রয়াণৰ ৫১ বছৰ পূৰ্ণ উপলক্ষে দিছপুৰ মহাবিদ্যালয় পৰিয়ালে এইবাৰৰ বিষ্ণু ৰাভা দিৱসটি ভাষা – সাহিত্য , কলা সংস্কৃতিৰ এক মহান আদর্শ হিচাপে ছাত্ৰ ছাত্ৰীৰ মাজলৈ লৈ যোৱাৰ প্রয়াস কৰাৰ উদ্দেশ্যে দিছপুৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ তৰফৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫১সংখ্যক মৃত্যু দিৱস, ৰাভা দিৱসটি আজি ২০ জুনত সামাজিক মাধ্যমৰ সহায়ত উদযাপন কৰে। ৰাভা দিৱস ৰ লগত সংগতি ৰাখি আয়োজন কৰা সংগীত প্রতিযােগিতাত মহাবিদ্যালয় ৰ কেবাগৰাকীও ছাত্ৰ ছাত্ৰী অংশ গ্ৰহণ কৰে।এই প্ৰতিযোগিতাত অনিৰ্বাণ বৰ্মন ১ ম,সীমা শ্ৰী শৰ্মাই ২ য় আৰু মৰমী দেবী ৩ য় স্থান লাভ কৰিবলৈ সমৰ্থ হয়। কৰণ অতিমাৰিৰ বাবে মহাবিদ্যালয় কেবা মাহ বন্ধ থকা বাবে ছাত্ৰ ছাত্ৰী সকলক মানসিক সকাহ দিয়াৰ লগতে ৰাভা দেৱৰ আদৰ্শ, সংগীতৰ ধাৰাৰ লগত পৰিচয় কৰি দিবলৈ আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস বুলি মহাবিদ্যায়ৰপৰা তৰফৰ পৰা সাংস্কৃতিক বিভাগৰ তত্বাৱধাযাক ড০ সঞ্জীৱ কুমাৰ শৰ্মাই অধ্যক্ষ ড০ অমৰ শইকীয়া , ছাত্ৰ কল্যাণ বিষয়া ড ০ হিমাংশু কলিতা, দৰ্শন বিভাগৰ সহযোগী অধ্যাপক ড০ প্ৰণিতা শৰ্মা আৰু ছাত্ৰ একতা সভাৰ সদস্য আটাইকে ধন্যবাদ জ্ঞাপন কৰে।