কলাইগাঁৱত EVM-VVPATত জালিয়াতিৰ অভিযোগ, আৰক্ষীৰ গুলীচালনতা আহত কেইবাজনো

97

কলাইগাঁও সমষ্টিৰ ৰাজাপুখুৰীৰ ওচৰত প্ৰাথমিক বিদ্যালয়ত ভোট কেন্দ্ৰত তীব্ৰ উত্তেজনা। যিহেতু দ্বিতীয় পর্য়ায়ৰ ভোট গ্রহণক লৈ তীব্র প্রতিবাদ। EVM-VVPAT ৰ জালিয়াতি হোৱা বুলি অভিযোগ ৰাইজৰ। EVM লৈ যোৱাত বাধা প্ৰদান কৰে ৰাইজে। ৰাইজৰ অভিযোগ ৰিগিঙৰ। পানবাৰীৰ আউট পোষ্ট আৰক্ষী আহি গুলি চালনা কৰাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভর্তি কৰা হয়। যদিও এজনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰন কৰে।

যিহেতু সাধাৰণ ৰাইজে নাঙলৰ ছবি ভোট দিয়ে সেই ভোট গুচি যায় ফুলৰ ছবিত তাৰ পিছতেই ৰাইজৰ প্ৰতিবাদ কৰে। যিহেতু সেই ভোট কেন্দ্রত ১২০০ ভোট আছিল। সাধাৰণ ৰাইজে শুদ্ধ ভোট দিব বিচাৰিছিল কিন্তু শুদ্ধ ভোট দিয়া নহ’ল তাৰ পিছত এই ঘটনা সংঘটিত হয় সন্ধিয়া প্ৰায় ৬.৩০ বজাত।