যোৱা ১ ফেব্ৰুৱাৰীত ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে অসম বুৰঞ্জীৰ উদ্ধৃতি দি কামাখ্যাৰ দৈৱজ্ঞ ব্ৰাহ্মন সমাজক লৈ মন্তব্য কৰাৰ পিছতে ৰাইজৰ দলৰ নেতাগৰাকীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে ব্ৰাহ্মন সমাজ। কমল মেধিৰ মন্তব্যক এক প্ৰেছ বিজ্ঞপ্তিযোগে গৰিহণা দি ‘ব্ৰাহ্মণ মহাসভা, অসম’ৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ শৰ্মাই ভৱিষ্যতে এনে মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ কমল কুমাৰ মেধিক সকিয়নী প্ৰদান কৰে। ৰাইজৰ দলৰ নেতাগৰাকীয়ে এনে মন্তব্যৰ জৰিয়তে সাম্প্ৰদায়িক বীজ ৰোপণ কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ কৰে প্ৰদীপ কুমাৰ শৰ্মাই লগতে কয় যে লাচিত বৰফুকনৰ পৰাক্ৰমক নিকৃষ্ট ৰাজনীতিৰ মাজলৈ টানি অনাটো অদূৰদৰ্শী আৰু অবিবেচক কাৰ্য। কমল কুমাৰ মেধিয়ে ভৱিষ্যতে এনে প্ৰৰোচনামূলক মন্তব্য কৰিলে তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰো সকিয়নী প্ৰদান কৰে ব্ৰাহ্মণ মহাসভা, অসমে।
আনহাতে,কমল কুমাৰ মেধিৰ ব্ৰাহ্মণ সমাজৰ প্ৰতি কৰা মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে সদৌ অসম উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চন্দন বৰদলৈয়ে। বৰদলৈয়ে কয়, ‘আমি মেধিৰ পৰা পৰা এনে তল খাপৰ ৰাজনীতি আশা কৰা নাছিলোঁ৷ তেওঁ ৰাজনীতি কৰিবলৈ আহিছে ৰাজনীতি কৰক, তাত আমাৰ ক’ব লগীয়া একো নাই। কিন্তু সেইবুলি ইতিহাস বিকৃত কৰি তেওঁ কোনো এটা সম্প্ৰদায়ক লক্ষ্য কৰি ল’ব আৰু অসমখনক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰিব তাক আমাৰ সদৌ অসম উন্নয়ন পৰিষদে কেতিয়াও মানি ল’ব নোৱাৰে৷’
