কমলপুৰৰ নিৰ্মীয়মান প্লাষ্টিক কোম্পানীত ভয়ংকৰ অগ্নিকাণ্ড

61

পৱন নীল কাশ্যপ, চাংসাৰিঃ হঠাৎ ক’লা ধোঁৱাই ছানি ধৰিলে কামৰূপ জিলাৰ কমলপুৰ। আজি দুপৰীয়াৰ ভাগত কমলপুৰৰ আল্টাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডই তীব্ৰ আতংকৰ সৃষ্টি কৰে সমগ্ৰ অঞ্চলটোত। এয়া নিৰ্মীয়মান প্লাষ্টিক কোম্পানীত সংঘটিত হয় এই অগ্নিকাণ্ড।

ড্ৰিলিং মেছিনৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰা হৈছে যদিও এতিয়াও অগ্নিকাণ্ডৰ নিশ্চিত কাৰণ জানিবপৰা হোৱা নাই। ইফালে এই অগ্নিকাণ্ডত নিৰ্মীয়মান উদ্যোগটোৰ কেইবা কোটি টকাৰ সা-সম্পত্তি ভস্মীভূত হৈ পৰে। পিছত ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।