কমলপুৰত বিজেপিৰ নিৰ্বাচনী সভাত কেন্দ্ৰীয় কৃষি, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ

83

কমলপুৰত বিজেপিৰ নিৰ্বাচনী সভাত কেন্দ্ৰীয় কৃষি , পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ । আগন্তুক নিৰ্বাচনত দিগন্ত কলিতাৰ জয় নিশ্চিত । ২০১৪ চনৰ আগত দেশৰ প্ৰধান মন্ত্ৰী আছিল মনমোহন সিং যিজনে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল ।কিন্তু অসমৰ মানুহৰ বিকাশৰ চিন্তা কৰা নাছিল । এই মন্তব্য নৰেন্দ্ৰ সিং টোমৰৰ । কিন্তু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পিচৰে পৰা নৰেন্দ্ৰ মোডীয়ে কেবল উত্তৰ পূব অঞ্চলত ভৰি থোৱাই নহয় কান্ধ পাতিও লৈছে । মন্ত্ৰী টোমৰে কমলপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত কলিতাক নিৰ্বাচনত জয়ী হোৱাৰ পিচত দিল্লীলৈ আমন্ত্ৰন জনাই আৰু সমষ্টিৰ উন্নয়ণৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ক্ৰুটি নকৰো বুলিও কয় ।