কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্ম-জয়ন্তী পালন

172

ষ্টাফ ৰিপোৰ্টাৰ : কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্ম জয়ন্তী উপলক্ষে শুকুৰবাৰে বৃহত্তৰ গুৱাহাটী ৰবীন্দ্ৰ জয়ন্তী উদযাপন সমিতিয়ে মহানগৰীত কেইবাটাও কাৰ্যাসুচীৰ আয়োজন কৰে ৷ সেই অনুসৰি দিনৰ ১১ বজাত মহানগৰীৰ ৰবীন্দ্ৰ ভৱনৰ প্ৰতিস্থিত কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে সমিতিৰ মুখ্য পৃষ্ঠপোষক মৃগেন শৰনীয়াই ৷ তেওঁক সহযোগ কৰে সমিতিৰ সাধৰন সম্পাদক ক্ৰমে ৰাজীৱ দাস, শংকৰ চক্ৰৱৰ্তী, উপসভানেত্ৰী জুৰিস্মিতা দত্ত ৷ উল্লেখ্য উদযাপন সমিতিৰ তৰফৰ পৰা শুক্লেশ্বৰ মন্দিৰৰ সন্মুখৰ পদপথত থকা লোকসকলক দুপৰীয়াৰ আহাৰ যোগান ধৰে ৷ আহাৰৰ সমান্তৰালভাৱে বিস্কুট,কল, মূড়ী আদি বিতৰণ কৰা হয় সমিতিৰ তৰফৰ পৰা ৷ ইয়াৰ উপৰিও সমিতিৰ মুখ্য পৃষ্ঠপোষক মৃগেন শৰনীয়াৰ নেতৃত্বত যোৱা দলটোৱে পল্টনবজাৰ আৰক্ষী থানা, পানবজাৰ আৰক্ষী থানা, আৰু ভৰলু আৰক্ষী থানাত মাস্ক, ছেনিটাইজাৰ, গ্লোফছ বিতৰণ কৰে ৷