কন্যাৰ ধৰ্ষণৰ অভিযোগত এবছৰ ধৰি কাৰাবন্দী পিতৃ! অৱশেষত সত্য পোহৰলৈ অহাৰ পিছতে মুকলি কৰি দিয়াৰ নিৰ্দেশ আদালতৰ

325

কন্যা আৰু পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈ এবছৰ কাৰাবাস খাটিবলগীয়া হ’ল এজন ব্যক্তিয়ে। অৱশেষত সত্য পোহৰলৈ অহাৰ পিছতে মুকলি কৰি দিয়া হয় ব্যক্তিজনক। আদালতে তেওঁক জেলৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। ঘটনাৰ সত্যতা জানি বিস্ময় প্ৰকাশ কৰে ন্যায়াধীশে।

হৰিদ্বাৰৰ বিশেষ POCSO আদালতে মুকলি কৰি দিয়ে অভিযুক্তক। কন্যাক ধৰ্ষণ কৰাৰ অপৰাধত বিগত এবছৰ ধৰি কাৰাগাৰত আছিল ৪৩ বছৰীয়া ব্যক্তিজন। আদালতে শুনানি গ্ৰহণ কৰি ব্যক্তিজনক শাস্তি প্ৰদান কৰিছিল। তেওঁৰ ১৫ বছৰীয়া কন্যা আৰু পত্নীয়ে একেলগে ষড়যন্ত্ৰ কৰে।

২০২১ চনৰ নৱেম্বৰ মাহত লোকজনৰ পত্নীয়ে হৰিদ্বাৰৰ এখন থানাত এজাহাৰ দাখিল কৰিছিল। বিশেষ কাৰণত এমাহৰ বাবে ভায়েকৰ ঘৰলৈ গৈছিল বুলি কয় তেওঁ। সেই সময়ছোৱাত তেওঁৰ স্বামীয়ে তেওঁলোকৰ কন্যাক কেইবাবাৰো ধৰ্ষণ কৰিছিল। ঘৰলৈ উভতি অহাৰ পিছত তেওঁ এই হাৰাশাস্তি আৰু অত্যাচাৰৰ কথা জানিব পাৰিলে। আৰক্ষীক দিয়া বক্তব্যত কন্যাইও মাতৃৰ বক্তব্যক সমৰ্থন কৰে। তেওঁ কয় যে দেউতাকে তেওঁক হত্যাৰ ভাবুকি দি মুখ বন্ধ কৰি ৰাখিছিল।

অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যক্তিজনক। ২০২২ চনৰ পৰা তেওঁ জেলত আছিল। শুনানিৰ সময়ত আদালতে গম পায় যে দম্পতীহালৰ মাজত সম্পত্তিৰ বিবাদ হৈছে। মহিলাগৰাকীয়ে স্বামীৰ বিৰুদ্ধে ভুৱা গোচৰ ফ্ৰেম কৰি সম্পত্তি দখল কৰিছিল। কিশোৰীগৰাকীৰ চিকিৎসা প্ৰতিবেদনতো ধৰ্ষণ বা শাৰীৰিক নিৰ্যাতনৰ কোনো লক্ষণ দেখা পোৱা নাই। আনকি, দম্পতীহালৰ কনিষ্ঠ কন্যাই আদালতত মাতৃ আৰু ভগ্নীৰ বিৰুদ্ধে সাক্ষ্য দিছিল। ইয়াৰ পিছতে আদালতে অভিযুক্তক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।