কণী কুহুমৰ উপকাৰিতা সমূহৰ বিষয়ে জানেনে

117

কণী আমাৰ শৰীৰৰ বাবে এবিধ অতিকৈ পুষ্টিকৰ খাদ্য কিন্তু বহুতে ইয়াৰ কুহুমৰ উপকাৰিতা নজনাকৈয়ে নোখোৱাকৈ থাকে সেয়ে আজি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক।হয় কণীৰ কুহুম হয়তো বহুতৰে প্রিয় লগতে আন বহুতৰে বাবে অপ্ৰিয়।কিন্তু আপুনি জানিলে আচৰিত হব কণীৰ কুহুমৰ আছে বহু উপকাৰী গুণ।যি জানিলে আপুনি আচৰিত হৈ পৰিব।

কণীৰ এই পুষ্টি সমৃদ্ধ অংশটো যদি আপুনি খায় তেন্তে স্বাস্থ্যজনিত বহু সমস্যাৰ পৰা উপশম পাব পাৰিব ৷উল্লেখযোগ্য যে ভিটামিন এ, ডি, ই, কে, বি ১, বি ২, বি ৫, বি৬, বি ৯, বি ১২, কেলচিয়াম, মেগনেছিয়াম, আইৰণ, চেলেনিয়াম, কেৰটিনয়ড, লুটিন, জিএক্সান্থিন, ওমেগা-৩ ফেটি এচিড ইয়াত পোৱা যায় ৷

যাৰ ফলত ইয়াক খালে পেশীৰ বিকাশত যথেষ্ট সহায়ক হয়, মগজু আৰু হৃদযন্ত্ৰৰ বাবেও ই খুবেই উপকাৰী,লগতে দৃষ্টিশক্তি বৃদ্ধি কৰাৰ লগতে চুলি আৰু নখৰ বাবেও ই উপকাৰী ৷ইয়াৰ লগতে কণীৰ কুহুমৰ বহু অপকাৰী গুণো আছে অতিৰিক্তভাৱে আপুনি কণীৰ কুহুম খালে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হোৱাৰ লগতে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷ কিছুমান মানুহৰ কণীৰ প্ৰতি এলাৰ্জী হ’ব পাৰে ৷যাৰ বাবে তেনে লোকে সাৱধান হৈ থকাটো জৰুৰী।