কটু মন্তব্য কৰি বিধায়ক সত্যব্ৰত কলিতাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিলে কমলপুৰৰ মিত্ৰ জোটৰ প্ৰাৰ্থী দিগন্ত কলিতাই

103

কটু মন্তব্য কৰি বিধায়ক সত্যব্ৰত কলিতাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিলে কমলপুৰৰ মিত্ৰ জোটৰ প্ৰাৰ্থী দিগন্ত কলিতাই

মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত কমলপুৰ বিধান পৰিষদৰ ৷ কমলপুৰৰ   অগপ বিধায়ক সত্যব্ৰত কলিতাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিলে কমলপুৰৰ মিত্ৰ জোটৰ প্ৰাৰ্থী দিগন্ত কলিতাই । আজি ৫৬ নং কমলপুৰ বিধান সভা সমষ্টিৰ দগাঁৱত বিধায়ক গৰাকীক সাক্ষাত কৰি দিগন্ত কলিতাই  বিধায়ক গৰাকীৰ পৰা মাৰ্জনা বিচাৰিলে। উল্লেখ্য যে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই শেহতীয়া ভাবে নিৰ্বাচনী সভাত সত্যব্ৰত কলিতাক সমালোচনাৰে থকা সৰকা কৰিছিল । কংগ্ৰেছ দলৰ পৰা সত্যব্ৰত কলিতাই নিৰ্বাচন খেলাৰ গুণাগঠা চলি থকাৰ সময়ত সত্যব্ৰত কলিতাক মিত্ৰজোঁটৰ দ্বাদশ খেলুৱৈ বুলি টিপ্পনি কৰিছিল মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে । যাৰ বাবে কমলপুৰ সমষ্টিৰ অগপৰ কৰ্মকৰ্তা সকল মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ ওপৰত ক্ষুন্ন হৈ পৰিছিল ।

পৰবৰ্তী সময়ত সত্যব্ৰত কলিতাই নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰাত মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকী বিধায়ক গৰাকীৰ ওচৰত শৰনাপন্ন হয় । দিগন্ত কলিতাই বিধায়ক গৰাকী সহিতে সমুহ কমলপুৰ অগপৰ কৰ্মী সকলৰ ওচৰত ক্ষমা মাৰ্জনা কৰে। এই সন্দৰ্ভত মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে সংবাদ মাধ্যমক কয় যে বিধায়ক সত্যব্ৰত কলিতা মোৰ জেষ্ঠ ভাতৃ। ভাতৃৰ মাজত কেতিয়াবা মতানৈক্য হব। আবেগৰ বশৱৰ্তী হৈ বিধায়ক গৰাকীৰ বিৰুদ্ধে যি কৈছিলো তাৰ বাবে মই অনুতপ্ত।  সেয়ে কনিষ্ঠ ভাতৃ হিচাপে বিধায়ক গৰাকীৰ ওচৰত মই ক্ষমা বিচাৰিছো। 

প্ৰণিধানযোগ্য যে দগাঁৱত আজি অসম গণ পৰিষদৰ কমলপুৰ বিধান পৰিষদৰ  নীতি নিৰ্ধাৰণ সম্পৰ্কীয় এখন সভা অনুষ্ঠিত হৈছিল।  এই সভা চলি থকাৰ সময়তে মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকী সভাস্থলীত উপস্থিত হৈ অসম গণ পৰিষদৰ কৰ্মীসকলৰ সহায় সহযোগিতা কামনা কৰে। উক্ত সভাত বিধান পৰিষদৰ তৰফৰ  পৰা অসম গণ পৰিষদৰ কৰ্মীসকলে মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ সপক্ষে প্ৰচাৰ কাৰ্য্য চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু  মৰ্যাদা সহকাৰে অগপৰ কৰ্মীসকলে নিৰ্বাচনী কামত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব লাগিব বুলিও দাবী উত্থাপন কৰে। 

ইফালে বিধায়ক সত্যব্ৰত কলিতাই দিগন্ত কলিতাক বিজয়ী কৰাৰ নিমিত্তে অগপৰ কৰ্মীসকলে কাম কৰিব বুলি সংবাদ মাধ্যমক ষ্পষ্ট কৰি দিয়ে। অন্যহাতে বিধায়ক গৰাকীয়ে কোনো বিজেপি নেতাৰ বুজনিত তেওঁ নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলিও উল্লেখ কৰি কয় মোৰ সকলো সিদ্ধান্ত কমলপুৰ বিধান পৰিষদৰ সিদ্ধান্ত মৰ্মে গ্ৰহণ কৰা  হৈছে ৷