কটনত কালিমা! দুটা হোষ্টেল ফৈদৰ মাজৰ সংঘৰ্ষত আহত ৬ শিক্ষাৰ্থী

264

গুৱাহাটীঃ ফেচবুক পোষ্টক লৈ যোৱা নিশা কটন বিশ্ববিদ্যালয়ৰ দুটা হোষ্টেলৰ ফৈদৰ মাজত হোৱা সংঘৰ্ষত কমেও ৬ জন ছাত্ৰ-ছাত্ৰী আহত হয়।

সূত্ৰই জনোৱা মতে, যোৱা নিশা প্ৰায় ১.৪৫ বজাত আৰ কে বি হোষ্টেলৰ কেইজনমানে ইটা, সুৰাৰ বটল লৈ এছ এম এইচ হোষ্টেলত আক্ৰমণ কৰাৰ পিছতে সংঘৰ্ষৰ সৃষ্টি হয়।

আৰ কে বি হোষ্টেলৰ পৰা সীমান্তত ইটা, শিল, সুৰাৰ বটল নিক্ষেপ কৰি এছ এম এইচ হোষ্টেলক লক্ষ্য কৰি লোৱা বুলি অভিযোগ কৰিছে এছ এন বি চি হোষ্টেলৰ শিক্ষাৰ্থীসকলে।

সেই সময়ত শুই থকা এছ এম এইচৰ একাংশ শিক্ষাৰ্থী আহত হোৱাৰ বিপৰীতে হোষ্টেলৰ কেইবাখনো দুৱাৰ-খিৰিকী ক্ষতিগ্ৰস্ত হয়।

এই ঘটনাত গুৰুতৰভাৱে আহত ভাৰত চহৰীয়া নামৰ এজন ছাত্ৰক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

জিএমচিএইচৰ সূত্ৰই জনোৱা মতে, তেওঁৰ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

এক খবৰ অনুসৰি ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ পিছতে সংঘটিত হয় এই সংঘৰ্ষ।

এছ এম এইচ হোষ্টেলৰ নিৱাসীয়ে পাণবজাৰ থানাত এফ আই আৰ দাখিল কৰিছে।

বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অভিষেক মহন্তই বিজেপিত যোগদান কৰাৰ পিছতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।