কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰজোঁটে লাভাৱাম্বিত কৰিব অগপ-মিত্ৰজোঁটক: ৰমেন্দ্র নাৰায়ণ কলিতা

119

আজাৰা: কংগ্ৰেছ -এ আই ইউ ডি এফৰ মিত্ৰজোটে আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় । আনকি সেই মিত্ৰজোঁটে অগপ আৰু বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক প্ৰত্যাহ্বান জনোৱাৰ সলনি লাভাম্বিতহে কৰিব । এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্র নাৰায়ণ কলিতাৰ । ৪ অক্টোবৰত পশ্চিম গুৱাহাটী সমষ্টিৰ নিৰলপুৰৰ তাতিবামা পুৰণি হাইস্কুলত অগপৰ ৰাণী আঞ্চলিক কমিটিৰ বাৰ্ষিক অধিবেশন উপলক্ষে আয়োজিত কৰ্মী সভাত ভাগ লৈ এই মন্তব্য আগবঢ়াই বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই । বিধায়ক কলিতাই কয় অগপৰ কৰ্মী সকল কংগ্ৰেছ- এ আই ইউ ডি এফৰ মিত্ৰজোটক লৈ কোনো ধৰণৰ শংকিত হব নালাগে।

কিয়নো কি উদেশ্য আগত লৈ সেই মিত্ৰজোট গঠন কৰা হৈছে তাক অসমৰ ৰাইজে ভালকৈ জানে ।গতিকে আমাৰ দলৰ কৰ্মীসকলে চৰকাৰৰ জনমুখী আঁচনি সমূহক ৰাইজৰ মাজলৈ লৈ গৈ দলৰ সাংগাঠনীক দিশ শক্তিশালী কৰাৰ কামত মনোনিবেশ কৰিব লাগে ।

আনহাতে অসমৰ খিলঞ্জীয়া ৰাইজৰ জাতি , মাটি আৰু ভেটিৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত অগপই কোনোদিনেই আপোচ নকৰে বুলি ব্যক্ত কৰি ৰমেন্দ্র নাৰায়ণ কলিতাই আগন্তুক নিৰ্বাচনত পুনৰ অগপ-বি জে পি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাটো কেৱল সময়ৰ অপেক্ষা বুলি ঘোষণা কৰা। আনহাতে অগপৰ ৰাণী আঞ্চলিক কমিটিৰ সম্পাদক শংকৰ দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাত অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সুভাষ শৰ্মা , পশ্চিম গুৱাহাটী সমষ্টি কমিটিৰ সম্পাদকদ্বয় ৰবীন দৈমাৰী আৰু ৰাজেন মেধি , ৰাণী- ভোলাগাও জিলা পৰিষদৰ সদস্য স্বপ্নালী দাস , ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন , সদস্য ৰজিদা বেগম , কাহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া আৰু পৰেশ বৰুৱাকে ধৰি কেইবাজনো অগপ নেতা উপস্থিত থাকে। আনহাতে সভাত সৰ্বসন্মতি ক্রমে মনোৰঞ্জন দাস বড়োক সভাপতি , ভদ্ৰেশ্বেৰ দৈমাৰী , শংকৰ দাস আৰু সৰ্বানন্দ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ আগন্তক কাৰ্যকালৰ বাবে ৰাণী আঞ্চলিক কমিটি আৰু দলটোৰ ভাতৃ-ভগ্নী কমিটি সমূহ গঠন কৰা হয় ।