কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ তিনিগৰাকী জ্যেষ্ঠ নেতাৰ, বিজেপিত যোগদানৰ সম্ভাৱনা

878

অসমৰ ৰাজনৈতিক ক্ষেত্ৰৰ আন এক বৃহৎ পৰিঘটনাত অসমৰ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিলীপ শৰ্মাই দলীয় পদবীৰ পৰা পদত্যাগ কৰে।

ইয়াৰ পিছতে শনিবাৰে পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত হয় শৰ্মা। কংগ্ৰেছ দলৰ আন দুজন নেতাৰ সৈতে শৰ্মাই শাসকীয় বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

ইয়াৰ পূৰ্বে আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পৰিতোষ ৰায়ে দলৰ পৰা পদত্যাগ পত্ৰ আনুষ্ঠানিকভাৱে দাখিল কৰিছে। অন্যহাতে শুকুৰবাৰেও নগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুৰেশ বৰাইও দলৰ পৰা পদত্যাগ কৰিছিল।