কংগ্ৰেছৰ ৫ লাখ চৰকাৰী চাকৰিৰ পৰিকল্পনা…

86

কংগ্ৰেছৰ ৫ লাখ চৰকাৰী চাকৰিৰ পৰিকল্পনাঃ এটি কথোপকথন এই বেনাৰৰ অধীনত কংগ্ৰেছে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া ৪৩ টা বিধানসভা সমষ্টিৰ আটাইকেইটাতে অহা ২৪ মাৰ্চ তাৰিখে চৰকাৰী চাকৰি সৃষ্টিৰ বিষয়টো লৈ যুৱক-যুৱতীসকলৰ সৈতে মিলিত হ’ব বাৰ্তালাপত।

অসমৰ যুৱক-যুৱতীসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ এটা সহানুভূতিপূৰ্ণ প্ৰচেষ্টাত, অসম কংগ্ৰেছে দলৰ চৰকাৰী চাকৰি গেৰাণ্টি কাৰ্যসূচীৰ সন্দৰ্ভত সচেতনতা সৃষ্টিৰ অভিপ্ৰায়েৰে মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰিব। অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া ৪৩ টা বিধানসভা সমষ্টিৰ আটাইকেইটাতে এই মত বিনিময় অনুষ্ঠানসমূহৰ আয়োজন কৰা হ’ব, যিবোৰত নেতৃত্ব প্ৰদান কৰিব এই সমষ্টিসমূহৰ দলীয় প্ৰাৰ্থীসকলে, আৰু এই অনুষ্ঠানসমূহত তৃণমূল পৰ্যায়ত উত্থাপিত প্ৰশ্নবোৰৰ উত্তৰ দিয়া হ’ব আৰু ওজৰ-আপত্তিসমূহৰ কথা শুনা হ’ব। এই আলোচনা আৰু বাৰ্তালাপভিত্তিক উদ্যমসমূহ গ্ৰহণ কৰা হ’ব “কংগ্ৰেছৰ ৫ লাখ চৰকাৰী চাকৰিৰ পৰিকল্পনাঃ এটি কথোপকথন” শীৰ্ষক বেনাৰৰ অধীনত। দলৰ প্ৰাৰ্থীসকলে তেওঁলোকৰ নিজ নিজ সমষ্টিৰপৰা সেই সকলো লোককে এই মত বিনিময়ভিত্তিক অনুষ্ঠানত ভাগ ল’বলৈ আমন্ত্ৰণ জনাইছে, যিসকলে তেওঁলোকৰ চৰকাৰী চাকৰিৰ গেৰাণ্টিৰ বাবে অনলাইন পঞ্জীয়ন কৰিছিল। প্ৰাপ্ত শেহতীয়া সংখ্যা অনুসৰি, আটাইবোৰ সমষ্টিৰপৰা ১ লাখ ৪০ হাজাৰৰো অধিক লোকে দলৰ আনুষ্ঠানিক ৱেবছাইট www.congressor5guarantee.in ত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছে। আনকি যিসকলে অনলাইন চাকৰি পঞ্জীয়ন কাৰ্যসূচীত এই পৰ্যন্ত পঞ্জীয়ন কৰা নাই, তেওঁলোককো এই মত বিনিময় অনুষ্ঠানলৈ স্বাগতম জনোৱা হ’ব যাতে তেওঁলোকে কংগ্ৰেছ দলৰ চাকৰি গেৰাণ্টি কাৰ্যসূচীৰ বিষয়ে কথাবোৰ ভালকৈ জানি ল’ব পাৰে। ইয়াৰ গেৰাণ্টি তথা পৰিকল্পনাসমূহ তৃণমূল পৰ্যায়লৈকে লৈ যোৱাৰ বাবে কংগ্ৰেছ দলে গ্ৰহণ কৰা এই অভিযানে অনলাইন চাকৰি পঞ্জীয়নৰ পদক্ষেপটোক লৈ যাব ইয়াৰ পৰৱৰ্তী পৰ্যায়লৈ।

যিসকলে এই কাৰ্যসূচীৰ বিষয়ে অধিক তথ্য আহৰণ কৰিব খোজে তেওঁলোকৰ সৈতে আৰু ৰাজ্যখনত ৫ লাখ চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ দলে ধাৰ্য কৰা লক্ষ্যত কেনেকৈ উপনীত হোৱা যাব সেই বিষয়ে নিজ নিজ প্ৰশ্নসমূহৰ উত্তৰ বিচৰা সকলৰ সৈতে দলৰ প্ৰাৰ্থীসকলে তেওঁলোকৰ সমষ্টিসমূহত অবিৰত, ব্যক্তিগত প্ৰশ্নোত্তৰ, আলোচনাৰ আয়োজন কৰিব। ইয়াৰ লগতে, কংগ্ৰেছ দলে দলৰ অনলাইন চাকৰি পঞ্জীয়ন কাৰ্যসূচীৰ বিষয়েও ৰাইজৰ প্ৰশ্নসমূহৰ উত্তৰ দিব আৰু ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলক দলৰ নিৰ্ধাৰিত ৱেবছাইটত তেওঁলোকৰ আবেদন দাখিল কৰাৰ উদ্যম হাতত ল’বলৈ অনুপ্ৰাণিত কৰিব।

এই আলোচনাধৰ্মী উদ্যমৰ আঁৰত থকা ধাৰণাটো হ’ল, অসমৰ ৰাইজক এই কথা বিস্তৃতভাৱে বুজাই দিয়া কেনেকৈ কংগ্ৰেছ দলে ইয়াৰ চৰকাৰী চাকৰিৰ গেৰাণ্টি কাৰ্যসূচী ৰূপায়ণৰ কথা চিন্তা কৰিছে।

এই মত বিনিময়সমূহৰ আয়োজন কৰা হ’ব ৰাইজৰ বাবে যাতে তেওঁলোকে এই কথা গম পায় যে ৰাইজৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ দল বদ্ধপৰিকৰ আৰু লগতে কংগ্ৰেছ অসমত ক্ষমতালৈ অহাৰ পাছত ৫ লাখ চৰকাৰী চাকৰিৰ গেৰাণ্টিসম্পন্ন সৃষ্টিৰপৰা তেওঁলোকৰ কি কি উপকাৰ হ’ব সেই কথা বুজিবলৈ যাতে ৰাইজক অনুপ্ৰাণিত কৰিব পৰা যায়।