কংগ্ৰেছৰ “লড়কী হু, লড় চকটি হু”ৰ পোষ্টাৰ গাৰ্ল প্ৰিয়ংকা মৌৰ্যৰ বিজেপিত যোগদান

84

উত্তৰ প্ৰদেশ নিৰ্বাচনত কংগ্ৰেছৰ কেম্পেইনৰ ‘পোষ্টাৰ গাৰ্ল’ প্রিয়ংকা মৌৰ্যই বিজেপিত যোগদান কৰাৰ খবৰে উত্তৰ প্ৰদেশৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, উত্তৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী প্ৰিয়ংকা গান্ধীয়ে ৰাজ্যখনত “লড়কী হু, লড় চকটি হু” শ্লোগান দি মহিলাসকলক লগত লৈ এক নতুন কেম্পেইনৰ আৰম্ভণি ঘটাইছিল। প্ৰিয়ংকা গান্ধীৰ মহিলাক লৈ চলোৱা এই প্ৰচাৰ অভিযানৰ পোষ্টাৰ গাৰ্ল আছিল প্ৰিয়ংকা মৌৰ্য।

স্বাভাৱিকতে, উন্নাও, হাথৰস কাণ্ডৰ পিছত মহিলাক লৈ কংগ্ৰেছে প্ৰস্তুত কৰা এই ৰণনীতিয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। আনকি কংগ্ৰেছে বিধানসভা নিৰ্বাচনত আধাতকৈও অধিক সংখ্যক আসন মহিলাৰ বাবে এৰাৰ ঘোষণা কৰিছিল।

কিন্তু কংগ্ৰেছৰ “লড়কী হু, লড় চকটি হু” প্ৰচাৰৰ প্ৰধান চেহেৰা প্ৰিয়ংকা মৌৰ্যৰ বিজেপিত যোগদানে নিৰ্বাচনৰ ঠিক প্ৰাকক্ষণত কংগ্ৰেছক আকৌ এবাৰ বেক ফুটলৈ লৈ গৈছে।

বৃহস্পতিবাৰে প্ৰিয়ংকা মৌৰ্যই বিজেপিত যোগ দি কয়, “কংগ্ৰেছৰ শ্লোগান কেৱল এটা প্ৰহসন। দলটোৰ মহিলাসকলক প্ৰচাৰ কৰাৰ কোনো ৰণনীতি নাই। তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈছে যে তেওঁলোকে কাক টিকট দিব আৰু বাকী সকলোবোৰ এক ডাঙৰ নাটক।”

জানিব পৰা মতে, এইবাৰ নিৰ্বাচনত প্ৰিয়ংকাই অৰিয়া বিধানসভা নিৰ্বাচনৰ পৰা টিকট বিচাৰিছিল। কিন্তু কংগ্ৰেছৰ সমষ্টিটোৰ জৰীপ চলাই নিশ্চিত হয় যে প্ৰিয়ংকা সেই সমষ্টিত জয়ী হব নোৱাৰে। যাৰ বাবে তেওঁক টিকট দিবলৈ অস্বীকাৰ কৰে কংগ্ৰেছ নেতৃত্বই।

আনহাতে টিকট লাভ নকৰি প্ৰিয়ংকাই কয়, “কংগ্ৰেছে “লড়কী” অভিযান আৰম্ভ কৰিবলৈ মোৰ মুখ ব্যৱহাৰ কৰিছিল। তেতিয়া তেওঁলোকে মোৰ মুখত গুণ বিচাৰি পাইছিল কিন্তু এতিয়া নেতৃত্বই কৈছে যে মই নিৰ্বাচনত জয়ী হ’ব নোৱাৰো।” তাৰ পিছতেই প্ৰিয়ংকা মৌৰ্যই বিজেপিত যোগদান কৰে।

ইফালে বৃহস্পতিবাৰে প্ৰিয়ংকাৰ উপৰিও ২০১২ চনত অৰিয়াৰ পৰা সমাজবাদী পাৰ্টিত বিধানসভালৈ নিৰ্বাচিত হোৱা মুলায়ম সিঙৰ সম্পৰ্কীয় ভাতৃ প্ৰমোদ কুমাৰ গুপ্তাইও বৃহস্পতিবাৰে বিজেপিত যোগদান কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বে মুলায়ম সিঙৰ কণিষ্ঠ বোৱাৰী অপৰ্ণা যাদৱেও সমাজবাদী পাৰ্টীৰ পৰা টিকট নাপাই বিজেপিত যোগদান কৰিছিল।