কংগ্ৰেছৰ ভোটেৰে আমি জিকিমঃ বিধায়ক দিগন্ত কলিতা

78

‘কংগ্ৰেছৰ দুটা ভোট কেনচেল হৈছে। এজনে বেলট ফালি দিছে আনজনে ১ৰ ঠাইত One লিখিছে। গতিকে AIUDF নহয় কংগ্ৰেছৰ ২ টা ভোটত আমি জিকিম। মুখ্যমন্ত্ৰীয়ে কৈছিল আমাক AIUDF ৰ ভোট নালাগে, গতিকে কংগ্ৰেছৰ ভোটেৰে আমি জিকিম।’

এই মন্তব্য শাসকীয় দলৰ বিধায়ক দিগন্ত কলিতাৰ। আজি অনুষ্ঠিত হৈছে ৰাজ্যসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৯ বজাৰ পৰা চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটদান সাব্যস্ত কৰাৰ পিছত শাসকীয় অথবা বিৰোধী শিৱিৰৰ প্ৰায় সকলো বিধায়কেই নিজ নিজ দলৰ প্ৰাৰ্থী জয়ী হ’ব বুলি দাবী কৰিছে। কিন্তু ৰাজ্যসভাৰ নিৰ্বাচনত এইবাৰ ক্ৰচ ভোট হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। বিজেপিৰ শিৱিৰে দাবী কৰিছে যে, ৬, ৭ জন কংগ্ৰেছী বিধায়কে ভোট দিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক। সেইদৰে দুই এজনে ইচ্ছাকৃত ভাবেই নিজৰ ভোট কেনচেল কৰাইছে বুলিও দাবী কৰিছে।

ইফালে বিৰোধী শিৱিৰে বিজেপি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়োৰ ভোট বাতিল কৰিবলৈ দাবী জনাইছে। আনহাতে AIUDFৰ বিধায়ক শেহতীয়া স্থিতিকলৈ সন্দেহৰ আৱৰ্তত কংগ্ৰেছ।