কংগ্ৰেছৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ

76

ঘোষণা কৰা হৈছে কংগ্ৰেছৰ তৃতীয়খন প্ৰাৰ্থী তালিকা। ২৭ মাৰ্চৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হবলগীয়া অসম বিধানসভা নিৰ্বাচনত ২১ জনীয়া তৃতীয়খন প্ৰাৰ্থী তালিকাত দেখিবলৈ পোৱা গৈছে কেইবাখনো নতুন মুখ।

এইবাৰ কংগ্ৰেছে দক্ষিণ শালমাৰাৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৱাজেদ আলী চৌধুৰীক।

গোলকগঞ্জত- আব্দুছ ছোবাহান আলী সৰকাৰ

বঙাইগাঁৱত- শংকৰ প্ৰসাদ ৰায়

উত্তৰ অভয়াপুৰীত- আব্দুল বাতিম খণ্ডাৰকাৰ

দক্ষিণ অভয়াপুৰী (এছচি)ত- প্ৰদীপ সৰকাৰ

দুধনৈ (এছটি)ত- জৱদ স্বৰ্গীয়াৰী

পূব গোৱালপাৰাত- অব্দুল কালাম ৰশ্বিদ আলম

পশ্চিম গোৱালপাৰাত- মহম্মদ আব্দুৰ ৰাশ্বিদ মণ্ডল

জলেশ্বৰত- অফতাব উদ্দিন মুল্লাহ

পাটাচাৰকুচিত- শান্তনু শৰ্মা

বাঘবৰত- শ্বৰমান আলী আহমেদ

সৰুক্ষেত্ৰীত- জাকিৰ হুছেইন শিকদাৰ

চেঙাত- শুকুৰ আলী আহমেদ

বকো (এছচি)ত- নন্দিতা দাস

ছয়গাঁৱত- ৰেকিবুদ্দিন আহমেদ

পলাশবাৰীত- যতীন মালী

জালুকবাৰীত- ৰমেন চন্দ্ৰ বৰঠাকুৰ

দিশপুৰত- মঞ্জিত মহন্ত

পূৱ গুৱাহাটীত- অশ্বিমা বৰদলৈ

বৰক্ষেত্ৰীত- দিগন্ত বৰ্মন

আৰু ধৰ্মপুৰত- ৰাতুল পাটোৱাৰী

উল্লেখ্য যে, এইবাৰ নিৰ্বাচনত এআইইউডিএফ, চিপিআই, চিপিআই (এম এল), চিপিআই (এম), বিপিএফ আৰু আঞ্চলিক গণমৰ্চাৰ সৈতে মিত্ৰতাৰে অৱতীৰ্ণ হব। কংগ্ৰেছে ৯০ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে ৩৬ খনত প্ৰতিদ্বন্দ্বিতা কৰিব মহা মিত্ৰজোঁটৰ দল সমূহে।