কংগ্ৰেছে ভগৱান ৰামক নহয়, বাবৰকহে ভাল পায়ঃ হিমন্ত বিশ্ব শৰ্মা

640

২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ নিমন্ত্ৰণ নাকচ কৰাক লৈ কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় গান্ধী পৰিয়ালে ভগৱান ৰামৰ পূৰ্বে মোগল সম্ৰাট বাবৰক শ্ৰদ্ধাঞ্জলি জনাবলৈ বাছি ল’ব।

টুলুঙা মন্তব্যৰে প্ৰতিপক্ষক হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি অহা হিমন্ত বিশ্ব শৰ্মাই কয়, “…তেওঁলোকে বাবৰক ভাল পায়, ভগৱান ৰামক নহয়। গতিকে তেওঁলোকক নিমন্ত্ৰণ কৰাৰ সিদ্ধান্ত ভুল আছিল আৰু ভগৱান ৰামত বিশ্বাস থকাসকলেহে কৰিব লাগে। ভগৱান ৰাম আৰু বাবৰৰ মাজত গান্ধী পৰিয়ালে প্ৰথমে বাবৰক প্ৰণাম জনাব…।”

ইয়াৰ পূৰ্বে নিজৰ এক্স হেণ্ডেলত শৰ্মাই আফগানিস্তানৰ বাবৰ সমাধিস্থললৈ গান্ধী পৰিয়ালৰ ভ্ৰমণৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল, বিশেষকৈ ২০০৫ চনত ৰাহুল গান্ধীৰ ভ্ৰমণৰ ওপৰত আলোকপাত কৰিছিল।

তেওঁ প্ৰৰোচনামূলকভাৱে প্ৰশ্ন কৰে, “ৰাম লাল্লাৰ প্ৰতি ইমান ঘৃণা কিয়? হিন্দুক ইমান ঘৃণা কিয়?”।