ওদালগুৰি জিলা অসামৰিক চিকিৎসাল়ত ৰক্তদান শিবিৰ

56

ষ্টাফ ৰিপোৰ্টাৰ: কৰ’না মহামাৰীৰ আতংকৰ মাজতে সোমবাৰে ওদালগুৰি জিলা অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। জিলা অসামৰিক চিকিৎসালয় আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত এই শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰৰ জৰিয়তে চিকিৎসালয়খনে ৯ ইউনিট তেজ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ৪ টা এ পজিটিভ, ৪ টা ও’ পজিটিভ আৰু ১ ইউনিট বি পজিটিভ তেজ সংগ্ৰহ কৰিছে। ইয়াৰ জৰিয়তে ৰোগীসকল যথেষ্ট উপকৃত হব। উল্লেখযোগ্য যে কভিড ১৯ ৰ বিৰুদ্ধে যুঁজ দিবলৈ ওদালগুৰি জিলা স্বাস্থ্য সমিতিয়ে চিকিৎসালয়খন সম্পূৰ্ণৰূপে সষ্টম কৰি তুলিছে যাতে কোনো ৰোগী এই জটিল সময়ত বিপদত নপৰে।