ওড়িশাত ভয়াবহ ৰে’ল দুৰ্ঘটনা, নিহত প্ৰায় ৩০০ জন

77

ইতিহাসৰ অন্যতম ভয়াবহ ৰে’ল দুৰ্ঘটনাৰ সাক্ষী হ’ল ওড়িশা।

শুকুৰবাৰে সন্ধিয়া ৰাজ্যখনৰন বালাছ’ৰত এটা মিনিটৰ ভিতৰতে তিনিখনকৈ ৰে’ল একেলগে দুৰ্ঘটনাত পতিত হোৱাত মৃত্যুক সাৱটি লয় কমেও ৩০০ জন ৰে’ল যাত্ৰীয়ে।

দুৰ্ঘটনাটোত ৯০০জনৰো অধিক লোক আহত হৈ বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে।

জানিব পৰা মতে, সন্ধিয়া কৰ’মেণ্ডেল ছালিমাৰ এক্সপ্ৰেছ ৰে’লখনে এখন মালবাহী ট্ৰেইনত খুন্দা মাৰে। তাৰ পিছত ৰে’ল দুখনে য়েছৱন্তপুৰ-হাওৰা ছুপাৰফাষ্ট ৰে’লখনতো খুন্দা মৰাত তিনিওখন ট্ৰেইন ৰে’লপথৰ পৰা উফৰি পৰে।

ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সন্দেহ কৰা হৈছে।

সন্ধিয়া প্ৰায় ৭ বজাত এই ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অধিকাংশ ৰে’লযাত্ৰী শুই আছিল।

বৰ্তমানো দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাই থকা হৈছে।