ঐতিহ্যমণ্ডিত বেলশৰ বিল্বেশ্বৰ দেৱালয়ত আশীষ ল’লে ৰাজ্যপাল জগদীশ মুখীয়ে

149

ঐতিহ্যমণ্ডিত বেলশৰ বিল্বেশ্বৰ দেৱালয়ত আশীষ ল’লে ৰাজ্যপাল জগদীশ মুখীয়ে।
নামনি অসমৰ অন্যতম শৈৱশক্তি পীঠ নলবাৰী জিলাৰ বেলশৰৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত বৃহস্পতি বাৰে প্ৰথম বাৰৰ বাবে উপস্থিত হল ৰাজ্যৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখী । দেৱালয় খনত ৰাজ্যপাল গৰাকী উপস্থিত হোৱাৰ লগে লগে পুষ্পবৃষ্টিৰে আদৰণি জনাই । পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোতে ৰাজ্যপাল গৰাকীয়ে দেৱালয় দৰ্শন কৰি ৰাইজৰ মংগল কামনা কৰি পূজা অৰ্চনা কৰে । ৰাজ্যপাল গৰাকীয়ে লগতে দেৱালয়ৰ গহ্বৰত থকা মূল শিৱ লিংগটো পূজা কৰে।ইয়াৰ পিছতে ৰাজ্যপাল গৰাকীক দেৱালয় কৰ্তৃপক্ষই সম্বৰ্ধনা জ্ঞাপন কৰে । ৰাজ্যপাল গৰাকীয়ে এই শৈৱ শক্তি পিঠ খনলৈ আহি অভিভূত হৈ পৰে আৰু হিন্দুস্থানত ধৰ্মই মানুহৰ মাজত একাত্ম ভাব গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি জানিব দিয়ে । ৰাজ্যপাল গৰাকীক সংগ দিয়ে নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকনে ।