এশ টকাৰ বাবে হত্যাৰ বলি যুৱক, আৰক্ষীৰ জালত হত্যাকাৰী ড্ৰাগছ মাফিয়া আব্দুল মালেক

87

মাত্ৰ এশ টকাৰ বাবে এক নিৰ্মম হত্যাকাণ্ড! খ্ৰীষ্টমাছৰ আগ নিশা কলিয়াবৰৰ আমবাগানত সংঘটিত নিৰ্মম হত্যাকাণ্ডৰ মূল হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে খোল খাইছে হত্যাৰ ৰহস্য।

কলিয়াবৰৰ চুলুং আৰক্ষীয়ে তেজপুৰৰ চানমাৰীৰ দিগন্ত দাস নামৰ যুৱকজনৰ মূল হত্যাকাৰী তথা তথা ড্ৰাগছ মাফিয়া আব্দুল মালেকক গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছ খাবলৈ অহা দিগন্ত দাসক মাত্ৰ এশ টকাৰ বাবে হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে হত্যাকাৰী আব্দুল মালেকে।

ধৃত হত্যাকাৰী আব্দুল মালেকৰ ঘৰ কলিয়াবৰৰ আমবাগানৰ ৪ নং ভূৰবন্ধাত বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে, ২০২১ৰ খ্ৰীষ্টমাছৰ আগনিশা তীৰ্থাংকৰ ৰয় নামৰ এজন বন্ধুৰ সৈতে আমবাগানৰ আব্দুল মালেকৰ ঘৰত ড্ৰাগছ খাবলৈ আহিছিল দিগন্ত দাস।

তাতে ১০০ টকাৰ ড্ৰাগছৰ বাবে সংঘাত সৃষ্টি হয় দিগন্ত, তীৰ্থাংকৰ আৰু ড্ৰাগছ বেপাৰী আব্দুল মালেকৰ মাজত।

এই সংঘাতৰ পিছতে তীৰ্থাংকৰ আৰু আব্দুল মালেকে মিলি এখন কুঠাৰৰে মূৰত মৰিয়াই হত্যা কৰে দিগন্তক। নিশাই মৃতদেহটো চুলুঙৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত পেলাই থৈ যায় হত্যাকাৰীয়ে।

২৫ ডিচেম্বৰৰ পুৱা কলিয়াবৰৰ চুলুঙত উদ্বাৰ হৈছিল দিগন্তৰ মৃতদেহ। লগতে উদ্ধাৰ হৈছিল দিগন্ত দাসৰ বাইকখন।

চুলুং আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই ইতিমধ্যে হত্যাকাণ্ডত জড়িত তীৰ্থাংকৰক আটক কৰাৰ পিছতে ঘটনাৰ লগত ড্ৰাগছৰ যোগসূত্ৰ পোহৰলৈ আহে।

অৱশেষত চুলুং আৰক্ষীৰ জালত পৰে আমবাগানৰ দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া আব্দুল মালেক।